শীৰ্ষ বাতৰি

সদৌ অসম নাৰ্চ সন্থাৰ কৰ্মবিৰতিত অচল ৰাজ্যৰ চিকিৎসাখণ্ড, সংকটজনক অবস্থাত ৰোগীৰ জীৱন

Sentinel Digital Desk

সদৌ অসম নাৰ্চ সন্থাৰ কৰ্মবিৰতি ঘোষনাত অচল হৈ পৰিছে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমুহৰ অবস্থা। দ্বিতীয় দিনৰ কৰ্মবিৰতিৰ সময়ত সম্পুৰ্ণৰূপে অচলৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ ছয়খনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ফলত হাজাৰ হাজাৰ ৰোগীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল,অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল ডিব্ৰগড়, যোৰহাট মেডিকেল কলেজ আৰু হাস্পতাল,শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল,তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত হাজাৰ হাজাৰ ৰোগীয়ে নাৰ্চৰ অভাবৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ বাবে অপেক্ষা কৰি থাকিব লগীয়া পৰিবেশৰ সৃষ্টি হৈছে। চিকিৎসালয় কতৃপক্ষই অন্য ঠাইৰ পৰা নাৰ্চৰ যোগাৰ কৰি জোৰা-টাপলি মৰাৰ চেষ্টা কৰিলেও পৰিস্থিতিৰ কোনো পৰিবৰ্তন হোৱা নাই। অন্যহাতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে বুধবাৰে ভালেকেইগৰাকী নাৰ্চক ১৪৪ ধাৰা ভংগৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

সদৌ অসম নাৰ্চ সন্থাই সোমবাৰৰ পৰা দৰমহাৰ গাঠনি আদিকে কৰি ভালেমান দাবী লৈ কৰ্মবিৰতি ঘোষণা কৰিছে। সদৌ অসম নাৰ্চ সন্থাৰ বেনাৰত ঘোষণা কৰা এই কৰ্মবিৰতিৰ সময়ত সপ্তম দৰমহা আয়োগৰ

প্ৰকাশিত ROP ত ষ্টাফ নাৰ্চৰ দৰমহাৰ গাঠনিত থকা বিসংগতি সমুহ দূৰ কৰা আৰু ষ্টাফ নাৰ্চৰ একে পদত একে দৰমহাৰ দাবী সমুহ পুৰণৰ প্ৰতিশ্ৰুতি নিদিয়া পৰ্য্যন্ত অনিৰ্দিষ্ট কাললৈ এই কৰ্মবিৰতি অব্যাহত থাকিব বুলি নিজৰ স্থিতিত অটল আছে। সৰ্বমুঠ ১২০০০ত কৈওঁ অধিক স্থায়ী নাৰ্চ আৰু ৩০০০ত কৈওঁ অধিক কেজুৱেল নাৰ্চে ৰাজ্যৰ ছয়খন চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত হৈ আছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান সচিৱ সমীৰ কুমাৰ সিনহাই চেণ্টিনেলক কয় চৰকাৰে নাৰ্চ সকলৰ দাৱীক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে কিন্তু এই মহুৰ্তত ৰোগীৰ সুৰক্ষা সকলোতকৈ মুখ্য বিষয়। নাৰ্চ সকলৰ দাবীক অগ্ৰাহ্য কৰা নাই বুলি উল্লেখ কৰি প্ৰধান সচিৱ গৰাকীয়ে ৰোগী সকলৰ সুৰক্ষাৰ বাবে নাৰ্চ সকলক কৰ্মবিৰতি ভংগ কৰা বাবে অনুৰোধ কৰে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি