শীৰ্ষ বাতৰি

সমাগত নিৰ্বাচনঃ চাৰিখন সংসদীয় আসনত নিৰ্বাচনী প্ৰস্তুতি তুংগত

Sentinel Digital Desk

আগন্তক লোকসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দিতা কৰিব কাৰণে সাজু হৈছে তেজপুৰ,কলিয়াবৰ, যোৰহাট আৰু নগাঁওৰ সংসদীয় আসন । যদি তেজপুৰ,নগাঁও আৰু যোৰহাটৰ সাংসদসকলক টিকট দিবৰ কাৰণে অসন্মতি প্ৰদান কৰাটো বিজেপিৰ এটা বৃহৎ বিষয় হ’ব পৰাৰ দৰে ,কলিয়াবৰ নিৰ্বাচন ক্ষেত্ৰটো এনপীপীৰ প্ৰাৰ্থীৰ উপস্থিতি কংগ্ৰেছৰ কাৰণে এক চিন্তিত বিষয় হৈ পৰিছে ৷

তেজপুৰত প্ৰতিদ্বন্দিতা কৰা দুজন প্ৰাৰ্থীৰ ভিতৰত আছে বিজেপিৰ পল্লৱ লোচন দাস আৰু কংগ্ৰেছৰ এমজিভিকে ভানু ৷ ইফালে বিজেপিয়ে সাংসদ আৰ পি শৰ্মাক নিৰ্বাচনৰ টিকট দিবৰ কাৰণে অস্বীকাৰ কৰে ৷গতিকে আৰ পি শৰ্মাৰ দলীয় কৰ্মী সকলে এইবাৰ বিজেপিৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ দ্বিতীয়তে, এমজিভিকে ভানু এজন উত্তম প্ৰশাসক ৰূপে ৰাজনীতিত ভৰি দিছে ৷

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীসকলে কংগ্ৰেছ প্ৰাৰ্থীক ৩৬.৭ শতাংশ,এজিপি প্ৰাৰ্থীক ৬.৭ শতাংশ ভোটত পৰাজিত কৰি ৪৫.৫ শতাংশ ভোটত জয়ী হৈছিল ৷ অৱশ্যে,এইবাৰ ৬.৭ শতাংশ এজিপি ভোট, বিজেপিলৈ স্থানান্তৰিত হ’ব পাৰে ৷ ইফালে, কলিয়াবৰ লোকসভা আসনৰ স্থিতি সম্প্ৰতি জটিল হৈ আছে ৷ কাৰণ ,সমষ্টিটোত প্ৰতিদ্বন্দিতা হ’ব এজিপিৰ প্ৰাৰ্থী মণি মাধৱ মহন্ত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ মাজত ৷

২০১৪ চনৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে ৩৮ শতাংশ ভোটত জয়ী হৈছিল ৷ ইয়াৰ পিছত বিজেপিয়ে ২৯ শতাংশ, এআইইউডিএফে ১৯.৮ শতাংশ আৰু এজিপিয়ে ৬.৭ শতাংশ ভোট লাভ কৰিছিল ৷ এআইইউডিএফে এইবাৰ এই আসনত কোনো প্ৰাৰ্থী প্ৰতিদ্বন্দিতা নকৰাৰ কাৰণে কংগ্ৰেছৰ লাভ হ’ব পাৰে ৷

অন্যহাতে নগাঁৱত প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ আৰু বিজেপিৰ ৰূপক শৰ্মাৰ মাজত ৷ উজনি অসমত প্ৰদ্যুত বৰদলৈয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে সাংসদ ৰাজেন গোহাঁইক বিজেপিয়ে টিকট দিয়াৰ পৰা বিৰত থাকে। ২০১৪ চনত নিৰ্বাচন ক্ষেত্ৰখনত ২৫.৫ শতাংশ ভোট লাভ কৰা এআইইউডিএফৰ কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে ৷ গতিকে এআইইউডিএফৰ ভোট সমূহ কংগ্ৰেছলৈ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে ৷

যোৰহাটত বিজেপিৰ তপন গগৈ আৰু কংগ্ৰেছৰ সুশান্ত বৰগোহাঁইৰ মাজত হ’ব ৷ অৱশ্যে,সাংসদ কামাখ্যা প্ৰসাদ তাছাক দলৰ টিকটৰ পৰা বঞ্চিত কৰে ৷ ২০১৪ চনৰ নিৰ্বাচনত বিজেপিয়ে ৪৯ শতাংশ ভোটৰ বিপৰীতে কংগ্ৰেছৰ ৩৮ শতাংশ আৰু এজিপিৰ ৫ শতাংশ ভোটৰ ব্যৱধানত জয়ী লাভ কৰিছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি