শীৰ্ষ বাতৰি

সমাগত নিৰ্বাচনঃ ২,৭৪৪ জন শতবৰ্ষীয় ভোটাৰ আছে ৰাজ্যত

Sentinel Digital Desk

সমাগত লোকসভা নিৰ্বাচন সাজু হৈছে সকলো ৷ নিৰ্বাচনৰ কাৰণে সকলো শাসক- বিৰোধী ৰাজনৈতিক দল সাজু হোৱাৰ লগতে, সাজু হৈছে নিৰ্বাচনৰ লগত জৰিত সকলো কৰ্তৃপক্ষ। অনাগত নিৰ্বাচনত ১০০ অথবা ১০০ ৰ উৰ্দ্ধৰ বয়োজেষ্ঠ্য ভোটদাতা সকলৰ কাৰণে এক বিশেষ সুবিধা ৷ ১০০ বৰ্ষ অথবা ১০০ ৰো অধিক বয়োজেষ্ঠ্যসকলে ১১ ,১৮ আৰু ২৩ এপ্ৰিলত তিনিটা পৰ্যায়ত হ’ব লগীয়া সংসদীয় নিৰ্বাচনৰ কাৰণে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোটদান কৰিব পাৰিব।

ফ’টো ইলেক্ট’ৰেল ৰোল ২০১৯ সংশোধিত তথ্যৰ অনুসৰি সমগ্ৰ ৰাজ্যত ২,৭৪৪ জন শতবৰ্ষ গৰকা ভোটদাতা আছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক তথ্য অনুসৰি ৰাজ্যত মুঠ ২,১৭,৬০,৬০৪ জন ভোটদাতা আছে ৷ ইয়াৰ ভিতৰত ৮০ বৰ্ষৰ ২,৬০,৮৪৯ জন ভোটদাতা আছে ৷ ৭০-৭৯ ৰ বৰ্ষৰ ভোটদাতাৰ সংখ্যা ৬,৮২,৩৩২,৬০-৬৯ বৰ্ষৰ ভোটদাতাৰ সংখ্যা ১৫,৩৪,৯৩৫,ইয়াৰ বিপৰীতে ৫০-৫৯ বৰ্ষৰ ভোটদাতাৰ সংখ্যা ২৮,৯৩,৩০২ জন ভোটদাতা আছে, ৪০-৪৯ বৰ্ষৰ ভোটদাতাৰ সংখ্যা হৈছে ৪৩,০৪,৪৮৫, ৩০-৩৯ বৰ্ষৰ ভোটদাতাৰ সংখ্যা হৈছে ৫৬,৬৯,৫২৫, ২০-২৯ বৰ্ষৰ ভোটাদাতাৰ সংখ্যা ৫৭,০৪,৬৮৮ ভোটদাতা আছে ৷ আৰু ১৮-১৯ বৰ্ষৰ ভোটদাতাৰ সংখ্যা হৈছে ৭,০৬,৪৮৯ জন ভোতদাতা আছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি