শীৰ্ষ বাতৰি

সমাগত লোকসভা নিৰ্বাচনঃ স্বায়ত্ব শাসিত পৰিষদলৈ কেন্দ্ৰৰ বিশেষ ক্ষমতা

Sentinel Digital Desk

লোকসভা নিৰ্বাচন সমাগত ৷গতিকে ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে বুধবাৰে অনুচ্চেদ ২৮০ আৰু সংবিধানৰ ষষ্ঠ অনুসূচী সংশোধনৰ প্ৰস্তুতি চলাইছে ৷এই সংশোধনৰ জৰিয়তে বিশেষ ভাৱে লাভাম্বিত হ’ব উত্তৰ পূব ৰাজ্যসমূহৰ আদিবাসী লোকসকল ৷ লগতে অসম,মেঘালয়, মিজোৰাম,ত্ৰিপুৰাৰ আদি ৰাজ্যসমূহৰ স্বায়ত্বশাসিত পৰিষদসমূহৰ ক্ষমতা বৃদ্ধিৰ কাৰণে প্ৰয়োজনী সংবিধান সংশোধনীত অনুমোদন জনোৱাৰ পিছত পৰিষদ সমূহৰ পথ প্ৰশস্ত হৈ পৰিল ৷

ইফালে, কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় বাৰৰ কাৰণে গঠন কৰা বিত্ত আয়োগক সম্প্ৰতি বিশেষ ৰূপত ১০খন স্বায়ত্বশাসিত জিলা পৰিষদৰ লগতে গাওঁ তথা নগৰপালিকৰ পৰিষদৰ ষষ্ঠ অনুসূচিত বিত্তীয় সংশোধনৰ বিকাশৰ কাৰণে বাধ্যতামূলক কৰা হ’ব ৷ আদিবাসী অঞ্চলসমূহ বিকাশৰ কাৰণে পুঁজিৰ আবন্টন বৃদ্ধি কৰিব। সংশোধনত অসম, মেঘালয়,মিজোৰাম, ত্ৰিপুৰাত ৰাজ্যিক বিত্তীয় আয়োগ স্থাপন কৰা হ’ব৷ আনহাতে, সংশোধনত সাৰ্বজনিক নিৰ্মাণ বিভাগ,বন বিভাগ,সাৰ্বজনিক স্বাস্থ্য ইঞ্জীনিয়াৰিঙ,স্বাস্থ্য আৰু পৰিবাৰ কল্যান,চহৰ বিকাশ আৰু খাদ্য আৰু নাগৰিক সহিত অতিৰিক্ত ৩০ টা বিষয়ৰ লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক স্থানান্তৰিত কৰিব ৷

ইফালে, অসমত এনে ধৰণৰ স্বায়ত্ত শাসিত পৰিষদ যথেষ্ট শক্তিশালী হোৱাৰ লগতে প্ৰতি দিনে শাসন আৰু বিকাশত এক মুখ্য ভূমিকা গ্ৰহণ কৰিছে ৷ প্ৰস্তাৱিত সংশোধনীত লোকতন্ত্ৰ সুনিশ্চিত কৰিবৰ কাৰণে নিৰ্বাচিত গাওঁ আৰু নগৰপালিকাৰ অন্তৰ্গত গাওঁ সভাত কৃষি,ভূমি,পশুপালন, বিদ্যুত বিভাগ,লঘু উদ্যোগ আৰু সামাজিক উন্নতিৰ কাৰণে আঁচনি তৈয়াৰ কৰিব ৷ লক্ষনীয়ভাৱে কেবিনেট কমিটীয়ে জনোৱা অনুমোদন অনুসৰি স্বায়ত্তশাসিত পৰিষদসমূহত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব লগতে মনোনীত সদস্য সকলৰ ভিতৰত দুগৰাকী মহিলাক সংৰক্ষণ কৰা হ’ব ৷

ইয়াৰ বিপৰীতে গাওঁ আৰু লগৰপালিকা পৰিষদ আৰু মাতৃতান্তিক ৰাজ্য হিচাপে মেঘালয়ক মহিলাসকলৰ কাৰণে সংৰক্ষিত আসনৰ গণ্ডীৰ পৰা অব্যাহতি দিয়া হৈছে। ইফালে অসম,মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন ক্ষেত্ৰত স্বায়ত্ব শাসিত পৰিসদৰ গাওঁ আৰু নগৰপালিকা পৰিষদৰ নিৰ্বাচনৰ কাৰনে ৰাজ্যৰ নিৰ্বাচন আয়োগ গঠন কৰা হ’ব৷উল্লেখ্য যে,ইউনাইটেড পিপুল্চ ডেম’ক্ৰেটিক চ’লিডাৰিটী (UPDS),ডি এইচ ডি আৰু এ এন ভি চিৰে হোৱা ত্ৰিপাক্ষিক শান্তি চুক্তিৰ সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধনৰ জৰিয়তে পৰিষদসমূহলৈ অধিক ক্ষমতা প্ৰদানৰ সিদ্ধান্ত কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি