শীৰ্ষ বাতৰি

সাংসদ আদৰ্শ গ্ৰাম যোজনা আঁচনি ৰূপায়নত ভেঁঙুচালি অসমৰ সাংসদৰ

Sentinel Digital Desk

অসমৰ সাংসদ সকলে সাংসদ আদৰ্শ গ্ৰাম যোজনা আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে পিঠি দিয়াৰ তথ্য পোহৰলৈ আহিলত সৰ্বত্ৰে চাঞ্চল্য সৃষ্টি হৈছে।উত্তৰপূৰ্বাঞ্চলৰ আঠ খন ৰাজ্যৰ ভিতৰত অসম ষষ্ঠ স্থানত থকাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে।দেশৰ সাংসদ সকলৰ অধীনত থকা ১,৪০২ টা গ্ৰাম পঞ্চায়তত ৫৪,৬১৯ টা প্ৰকল্পৰ পৰিকল্পনা আছিল যদিও বৰ্তমানলৈকে মাত্ৰ ২৭,৫৪৯ টা প্ৰকল্পহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।অসমৰ ১৪ জন লোকসভাৰ আৰু ৭ জন ৰাজ্যসভাৰ সাংসদে মাত্ৰ ২১ শতাংশ কামহে কৰিবলৈ সক্ষম হৈছে।অসমৰ পাছত মনিপুৰে ১৫ শতাংশৰে সপ্তম আৰু ১২.৯ শতাংৰে অৰুণাচল প্ৰদেশ অন্তিম স্থানত থকাৰ বিপৰীতে ৬৯.১৩ শতাংশৰে চিকিমে শীৰ্ষ স্থান অধিকাৰ কৰিছে।ৰাজ্যৰ ২১ জন সাংসদৰ অধীনত থকা ৩৫ টা গ্ৰাম পঞ্চায়তত সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ২,৪১৮ প্ৰকল্পৰ ভিতৰত মাত্ৰ ৫০৮ টা প্ৰকল্পহে সম্পূৰ্ণ হৈছে।