শীৰ্ষ বাতৰি

সীমান্তৱৰ্তী গাঁৱত যাতায়ত সুচল কৰাত সফল হৈছে হিমন্ত বিশ্ব শৰ্মা : বিধায়ক প্ৰমোদ বৰঠাকুৰ

Sentinel Digital Desk

পৰিবৰ্তনৰ শ্লোগানৰে বিধায়কৰ গুৰু দায়িত্ব লাভ কৰা বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আজি বিভিন্ন চৰকাৰী আঁচনিৰ অধীনৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত অতিকৈ দুৰ্বল অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ উনয়নৰ বাবেও বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰিলে বিধায়ক গৰাকীয়ে।

অসম অৰুণাচল সীমান্তৱৰ্তী পাভৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ডাফলাকটা পাভৈ সংযোগী দলংৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰমোদ বৰঠাকুৰে। বছৰ বছৰ ধৰি ৰোগী অনা নিয়া কৰা আৰু বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সকলে অঞ্চলটোত থকা ভগা কাঠৰ দলং খনৰ বাবে দুৰ্ভোগ ভুগি আহিব লগীয়া হৈছিল। কিন্তু ১৮ লাখ ৪৪ হাজাৰ টকা ব্যয় সাপেক্ষে অঞ্চলটোত নিৰ্মাণ কৰিবলগীয়া লোহাৰ দলং খনে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক যাতায়তৰ ক্ষেত্ৰত যথেষ্ট পৰিমানে উপকৃত কৰিব।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি অহা অঞ্চলটোৰ ৰাইজে দলংৰ আধাৰশিলা স্থাপনৰ দিনাই ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। কেইবা শতাধিক লোক উপস্থিত থকা শুভাৰম্ভনী অনুষ্টানত নিজৰ ভাষন প্ৰসংগত বিধায়ক প্ৰমোদ বৰঠাকুৰে সীমান্তবৰ্তী গাৱত যাতায়ৰ সুচল ব্যৱস্থা কৰাত গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সফল হৈছে বুলি উল্লেখ কৰি ধন্যবাদ জ্ঞাপন কৰে ৷ অনুষ্টানত পাভৈ চাহ বাগিছাৰ পৰিচালক ভৰত সিং ৰাথোৰ, গড়কপ্তানী বিভাগৰ অভিযন্তা মুনিন্দ্ৰ কুমাৰ ডেকা আদি কৰি বহু গন্য মান্য লোক উপস্থিত আছিল ৷

আনহাতে বিশ্বনাথৰ বুঢ়ীগাং পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি পুৱাৰ ভাগত চতুৰ্দশ বিত্তীয় আয়োগৰ অধিনৰ ২০১৬-২০১৭ বিত্তীয় বৰ্ষৰ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰি শুভাৰাম্ভ কৰে বিধায়ক গৰাকীয়ে। ইয়াৰে ভিতৰত দুইলাখ টকা ব্যয় সাপেক্ষে দক্ষিন মৰলগাওঁ অংগনাবাদী কেন্দ্ৰৰ পকী বেৰা, দুইলাখ টকা ব্যয় সাপেক্ষে ওপৰ বাঘমৰা গাৱৰ সমূহীয়া ভৱন, দুইলাখ চল্লিচ হাজাৰ টকা ব্যয় সাপেক্ষে চিলামাৰি তিনিআলিত কালভাৰ্ট নিৰ্মান, ২ লাখ টকা ব্যয় সাপেক্ষে জাপৰিগুৰি গাৱত সমূহীয়া ভৱন নিৰ্মান, ২ লাখ টকা ব্যয় সাপেক্ষে দক্ষিন দগাওত পথ নিৰ্মান, ৩ লাখ টকা ব্যয় সাপেক্ষে উত্তৰ মৰল গাৱত সমূহীয়া ভৱন নিৰ্মান, বালিপুখুৰীৰ ২ নং ৱাৰ্ডত ২.৫ লাখ টকা ব্যয় সাপেক্ষে সমূহীয়া ভৱন নিৰ্মান, ২.২৫ লাখ টকা ব্যয় সাপেক্ষে বুঢ়িগাং গাও পঞ্চায়তৰ সন্মুখত শিশু উদ্যান নিৰ্মান আদি ৷ সৰ্বমুঠ ২৪.১৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া ১১ খনকৈ আচনিৰ তদাৰক কৰিব বুঢ়ীগাং গাও পঞ্চায়তে ৷