শীৰ্ষ বাতৰি

সূদীৰ্ঘ ১০ বছৰৰ অন্তত ৩০/১০ ৰ অভিযুক্তলৈ শাস্তিৰ ৰায়দান চিবিআইৰ বিশেষ আদালতৰ

Sentinel Digital Desk

30 অক্টোবৰৰ ভয়ংকৰ বোমা বিস্ফোৰণৰ ন্যায় দান। ৰঞ্জন দৈমাৰী সহ দহ জনলৈ যাৱজীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে চি বি আই আদালতে। কোকৰাঝাৰ, বঙাইগাঁও জিলাৰ লগতে গুৱাহাটী পাণবজাৰ, গণেশগুৰি আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হোৱা এন ডি এফ বি বোমা বিস্ফোৰণত প্ৰায় ৯০ জন প্ৰাণ হানি হৈছিল। ৫০০ ৰো অধিক লোক গুৰুতৰ ভাৱে আহত হৈছিল। কাৰোৱাৰ যদি হাত কাৰোৱাৰ ভৰি নোহোৱা হৈ জীৱনৰ বাবে ঘুণীয়া হৈ পৰিছিল। কেঁচা তেজৰ গোন্ধ কেইবাদিনলৈ বিয়পি আছিল। সেই বিভীষিকাৰ ছবিখন মনত পৰিলেই গাৰ নোম শিয়ৰি উঠে সকলোৰে।

সম্পুৰ্ণ ১০ বছৰৰ মুৰত অৱশেষত ন্যায় পালে ভুক্তভোগী পৰিয়ালে। ৰঞ্জন দৈমাৰীৰ নেতৃত্বত এন ডি এফ বি বোমা বিস্ফোৰণত ১৪ জনক দোষী সাব্যস্ত কৰা হ'ল। ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, অজয় বসুমতাৰী, ৰাজেন গয়াৰী, ৰাহুল বহ্ম, অনচাই বড়ো, ৰাজু চৰকাৰ, লাকৰা বসুমতাৰী, বৈচাগী বসুমতাৰী, ইন্দ্ৰ বহ্ম, তেওঁলোকক যাৱজীৱন কাৰাদণ্ডৰ দিয়াৰ লগতে জয়ন্তী বহ্ম, মথুৰাম বহ্ম আৰু প্ৰভাত বড়োক জৰিমনা বিহে। পূৰ্বে নীলিম দৈমাৰীক ১০ আৰু ১৩ আইনৰ ধাৰা অনুসৰি দোষী সাব্যস্ত কৰিছিল। সেই আইনৰ সৰ্বোচ্চ শাস্তি ৭ বছৰৰ কিন্তু তেওঁ ইতিমধ্যে ১০ বছৰৰ কাৰাবাস খটাৰ পিছত তেওঁক দোষমুক্ত ঘোষণা কৰে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি