শীৰ্ষ বাতৰি

হাওৰাৰ পৰা নতুন দিল্লীলৈ যোৱা পূৰবা এক্সপ্ৰেছ ৰেল লাইনচ্যুত

Sentinel Digital Desk

শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ কানপুৰত হাওৰাৰ পৰা নতুন দিল্লী অভিমূখী পূৰবা এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ফলত ১৩ জন লোক আহত হয় । ১২ টাকৈ ডবা লাইনচ্যুত হয় ।

কানপুৰ নগৰ জিলাৰ মাহাৰাজপুৰ আৰক্ষী চকীৰ ৰোমা ৰেলীৱে ষ্টেচনৰ ওচৰত দিনৰ ১২.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হয় ।

নৰ্থ চেন্ট্ৰেল ৰেলৱেৰ পি আৰ অ অমিত মালবিয়ায়ে প্ৰকাশ কৰে যে এই ঘটনাত ১৩ জন লোক আহত হৈছে । সকলোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লাইনচ্যুত হোৱা ডবা কেইটা হৈছে S8, S9, B1-B5, H1, A1, A2। ৰেলৱে কতৃপক্ষয়ে হেল্প লাইন নম্বৰ মুকলি কৰিছে। নম্বৰ কেইটা হৈছে-১০৭২, ৯৪৫৪৪০৩৭৩৮, ৯৪৫৪৪০১৪৬৩, ৯৪৫৪৪০০৩৮৪ , ০৫১২-২৩৩৩৩১১১|১১৩।

ঘটনাটো সংঘটিত হোৱাৰ পাছত ১৩ খন ৰেলৰ গতি পথ সলনি কৰে আৰু এখন ৰেল বাতিল কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আহত সকল প্ৰয়োজনীয় সহায় কৰিবলৈ কোৱাৰ লগতে আৰু উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ কৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি