শীৰ্ষ বাতৰি

বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনক ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদে নিষিদ্ধ ঘোষণা কৰিছে

Sentinel Digital Desk

ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদে অল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনে ক নিষিদ্ধ ঘোষণা কৰিছে । হামজা বিন লাডেনৰ যাতায়াতৰ ক্ষেত্ৰত নিষিদ্ধকৰন, সম্পতি বাজেয়াপ্ত, অস্ত্ৰসত্ৰ নিষিদ্ধকৰন কৰিছে । বৰ্তমান ' আইমান অল- জাৱাহিৰি' নামৰ সংগঠনৰ জৰিয়তে হামজা বিন লাডেনে কাম কৰি আহিছে বুলি তথ্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীসংঘ সুৰক্ষা পৰিষদে আজি হামজা বিন লাডেনক নিষিদ্ধ ঘোষণা কৰিছে ।

বৃহস্পতিবাৰে আমেৰিকাই লাডেনেৰ পুত্ৰ হামজা বিন লাডেনৰ সন্ধান দিওঁতালৈ ১ মিলিয়নৰ পুৰস্কাৰৰ কথা ঘোষণা কৰিছিল । চৌদি আৰবৰ চৰকাৰে হামজা বিন লাডেনৰ নাগৰিকত্ব প্ৰত্যাহাৰ কৰিছে । সুৰক্ষা পৰিষদে প্ৰকাশ কৰে যে নতুন সংগঠন অল-জাৱাহিৰি ঘোষণা কৰিছিল অল কায়দাৰ প্ৰাৰ্থী হামজা বিন লাডেনে ।

হামজা বিন লাডেনে অল কায়দাৰ সমৰ্থনক সকলক আক্ৰমণৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিছে । সকলো ৰাষ্ট্ৰকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যাতে সন্ত্ৰাসবাদীক অস্ত্ৰসত্ৰ যোগান নধৰে তাৰ প্ৰতি সতৰ্ক থাকিবলৈ আহ্বান জনাইছে । ২০১৫ চনতে হামজা বিন লাডেনে অ'ডিঅ আৰু ভিভিঅ মেছেজ এটাত আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ আক্ৰমণতৰ বাবে সাজু থাকিবলৈ অল কায়দাৰ সমৰ্থকক নিৰ্দেশ দিয়ে ।

২০১১ চনত হামজা বিন লাডেনৰ পিতৃ ওছামা বিন লাডেনক আমেৰিকাৰ নৌ সেনাই অভিযান চলাই হত্যা কৰিছিল । পিতৃৰ হত্যাৰ পুতক তুলি হামজা বিন লাডেনে অল কায়দাৰ সমৰ্থক সকলক সাজু থাকিবলৈ নিৰ্দেশ দিছে ।