শীৰ্ষ বাতৰি

হিমালয়ত পৌৰানিক হিমমানৱ য়েটীৰ অৱস্থিতি অস্বীকাৰ বিজ্ঞানীৰ

Sentinel Digital Desk

ভাৰতীয় সেনায়ে হিমালয়ত পৌৰানিক হিমমানৱৰ ভৰিৰ খোজৰ অৱস্থিতি প্ৰকাশ কৰিছিল । মংগলবাৰে বিজ্ঞানী সকলে সেনাই প্ৰকাশ কৰা এই তথ্য অস্বীকাৰ কৰিছে।

সোমবাৰে ভাৰতীয় সেনায়ে টুইটাৰৰ যোগে প্ৰকাশ কৰিছিল যে এপ্ৰিলৰ প্ৰথমাৰ্ধত পৰ্বতৰ মাকালু বেছ কেম্পৰ সমীপত ডাঙৰ ডাঙৰ অস্বাভাৱিক হিমমানৱৰ ভৰিৰ খোছ প্ৰতক্ষ্য কৰিছিল বুলি প্ৰকাশ কৰিছিল । সেনা বাহিনীয়ে ভৰিৰ খোজৰ ফটোও প্ৰকাশ কৰিছিল ।

সেনায়ে লগতে প্ৰকাশ কৰে যে, প্ৰথম বাৰৰ বাবে ভাৰতীয় সেনাৰ পৰ্বতাৰোহন দলে মাকালু বেছ কেম্পৰ সমীপত ৯ এপ্ৰিলত প্ৰায় ৩২×১৫ ইঞ্চিৰ অস্বাভাৱিক হিমমানৱ য়েটিৰ ভৰিৰ খোজ প্ৰতক্ষ্য কৰিছিল । "

নেপালৰ বন বিভাগৰ সহ সচিব মহেশ্বৰ ডাকালে প্ৰকাশ কৰে যে মাকুল-বাৰুন ৰাষ্ট্ৰীয় অভয়াৰণ্যত গেৰুৱা ভালুক আছে কিন্তু য়েটিৰ অৱস্থিতি নাই।

বিশ্ব ভিত্তিক ভাৰতৰ প্ৰজাতি আৰু প্ৰাকৃতিক অনুষ্ঠানৰ পৰিচালক দিপাংকৰ ঘোষে প্ৰকাশ কৰে যে এনে ধৰণৰ প্ৰজাতিৰ অৱস্থিতি অতি আচৰ্যজনক । বহু দশকৰ আগতে এই অঞ্চলৰ লোকসকলে গেৰুৱা ভালুকক য়েটিৰ সদৃশ বুলি প্ৰকাশ কৰিছিল । কিন্তু তেওঁলোকে জানিছিল গেৰুৱা ভালুক কেনে ধৰণৰ হয় জানিছিল বুলি প্ৰকাশ কৰে WWF ৰ সন্তোষ মানিয়ে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি