শীৰ্ষ বাতৰি

হৰেন সিংবে যদি নিৰ্বাচন জয় নহয়, ৰাজনীতিৰ পৰা অব্যাহতি লম: তুলিৰাম ৰংহাঙ

Sentinel Digital Desk

"লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হৰেণ ছিংবে পৰাজিত হলে, ৰাজনীতিৰ পৰা অব্যাহতি লম " বুলি মন্তব্য কৰে কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদ কাৰ্য্যবাহী সদস্য তুলি ৰাম ৰংহাঙে । শনিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ নতুন বজাৰত অনুষ্ঠিত এক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে তুলি ৰাম ৰংহাঙে ।

লগতে প্ৰকাশ কৰে যে হৰেন সিংবে নাম আমি দিল্লীৰ হাই কামাণ্ডলৈ প্ৰৰন কৰিছিলো কাৰন হৰেন সিংবেৰ কাম কৰাৰ ক্ষমতা আছে । বহু বছৰ ধৰি এই ভুমি আৰু লোকসকলৰ বাবে তেওঁ কাম কৰি আহিছে। বৰ্তমান জনসাধাৰণে হৰেন সিংবেক সমৰ্থন কৰাৰ সময় বুলি প্ৰকাশ তুলি ৰাম ৰংহাঙে । পূব আৰু পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও লোক সকলক হৰেন সিংবেক সমৰ্থন কৰিবলৈ আহ্বান জনাই।

বৰ্তমানৰ সাংসদ বিৰেন সিং ইংটিক সমালোচনা কৰি ৰংহাঙে কয় যে বিৰেন সিং ইংটিয়ে অঞ্চলটোত কোনো উন্নয়ন মূলক কাম কৰা নাই । তেওঁ কাৰ্বি আংলংৰ লোক সকলক ধন্যবাদ জ্ঞাপন কৰিব লাগে যে তেওঁক ইমান বছৰে সাংসদ হিচাপে নিৰ্বাচিত কৰিলে। লগতে তেওঁক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাই তুলি ৰাম ৰংহাঙে ।

বিৰোধীয়ে হৰেন সিংবেক বিসম্বাদী নেতা বুলি কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি কয় যে "স্বায়ত্ত শাসিত পৰিষদৰ বিষয় মোৰ তেজত আছে, সেয়েহে ইউ পি ডি এচ বেনাৰৰ অধিনত বহু বছৰ সংগ্ৰাম কৰি আহিছো আৰু পিছত এম অ ইউ সাক্ষৰিত হয় বুলি প্ৰকাশ কৰে ।

সেই সময়ত ইউ পি ডি এচত জনগোষ্ঠী , জাতি, ধৰ্মত কোনো ঘৃনা নাছিল। সেয়েহে আমি পিপলচ এলাইঞ্চ ফৰ পিচ চুক্তি গঠন কৰা হৈছিল । ৫৪ জনগোষ্ঠী আৰু অ- জনগোষ্ঠী সংগঠনে সমৰ্থন আগবঢ়াইছিল বুলি প্ৰকাশ কৰে হৰেন সিংবে।

এই অনুষ্ঠানতে প্ৰায় ৩০০ ৰো অধিক লোকে বিজেপিত যোগদান কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি