শীৰ্ষ বাতৰি

২০১৮ বৰ্ষৰ জ্ঞানপীঠ বটাঁ প্ৰখ্যাত সাহিত্যিক অমিতাভ ঘোষলৈ

Sentinel Digital Desk

২০১৮ বৰ্ষৰ জ্ঞানপীঠ বটাঁ আগবঢ়োৱা হৈছে প্ৰখ্যাত ইংৰাজী সাহিত্যিক অমিতাভ ঘোষলৈ ৷ ভাৰতীয় জ্ঞানপীঠে শুকুৰবাৰে আনুষ্ঠানিকভাৱে অমিতাভ ঘোষৰ নাম ঘোষণা কৰে ৷ এই সন্দৰ্ভত ভাৰতীয় জ্ঞানপীঠে কয় যে,সাহিত্যলৈ আগবঢ়োৱা উল্লেখ্যযোগ্য বৰঙনি বাবে লেখকজনলৈ আগবঢ়োৱা হয় ৫৪ সংখ্যক জ্ঞানপীঠ বটাঁ ৷

অন্যহাতে,৮০-৯০ দশকত অমিতাভ ঘোষৰ সৃষ্টি ৰাজিয়ে সমালোচক সকলৰ মাজত বিশেষ সমাদৰ লাভ কৰিছিল। অমিতাভ ঘোষৰ জন্ম হৈছিল ১৯৫৬ চনৰ ১১ জুলাইত কলকাতাৰ এটা বাঙালী পৰিয়ালত৷ সৰুৰে পৰা অত্যন্ত মেধাবী ঘোষে দিল্লী বিশ্ব বিদ্যালয়ৰ অধীনৰ ছেইন্ট ষ্টিফেন্স কলেজৰ পৰা স্নাতক আৰু ডেলহি স্কুল ইক’নমিক্সৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । অন্যহাতে, সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ ভিতৰত "শ্বেড"লাইনছ শীৰ্ষক গ্ৰন্থৰ বাবে ঘোষে সাহিত্য অকাডেমি বটাঁ আৰু আনন্দ বটাঁ,দ্য চাৰ্কল অব ৰিজনৰ বাবে প্ৰিক্স মিডিছিছ এটেঞ্জাৰ ফান্সৰ সাহিত্যৰ বটাঁ , দ্য কলকাতা ক্ৰম’জ’মৰ বাবে আৰ্থাৰ বি ক্লাৰ্ক বটাঁ লাভ কৰে৷

তেখেতৰ "ছী অৱ প’পিজ"শীৰ্ষক গ্ৰন্থৰ বাবে ২০০৮ চনত মেন বুকাৰ প্ৰাইজৰ বাবে মনোনীত হয় হৈছিল ৷ আনহাতে,২০০৯ চনত ঘোষ আছিল ভোদাফোন ক্ৰছৱাড বুক এৱাৰ্ডৰ অন্যতম প্ৰাপক ৷ ২০১১ চনত ঘোষৰ "ৰিভাৰ অব স্মোক" মেন এছিয়ান লিটাৰেচি প্ৰাইজৰ কাৰনে মনোনীত হৈছিল৷ উল্লেখ্য যে,২০০৭ চনত ভাৰত চৰকাৰে জ্ঞানপীঠ বটাঁ বিজয়ী অমিতাভ ঘোষক পদ্মশ্ৰী বটাঁৰে সন্মানিত কৰিছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি