শীৰ্ষ বাতৰি

৭,০৬,৪৮৯ নতুন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব লোকসভা নিৰ্বাচনত ৷

Sentinel Digital Desk

সমাগত নিৰ্বাচন৷নিৰ্বাচনৰ কাৰণে সাজু হৈছে বিভিন্ন ৰাজনৈতিক দল৷ লগতে এইবাৰ প্ৰথম বাৰৰ কাৰণে ভোট প্ৰদান কৰিব ১৮ -১৯ বছৰীয়া যুৱক যুৱতীয়ে ৷ নতুন কৈ ভোট প্ৰদান কৰা ভোটাৰৰ সংখ্যা হৈছে ৭,০৬,৪৮৯ জন ৷এই সময়তে ভাৰতীয় নিৰ্বাচন আয়োগে (Election Commission of India) সকলোকে নিৰ্দেশ দিয়ে যে বিষয়াসকলৰ স্থানান্তৰণ আৰু নিযুক্তিৰ সীমা দিছে ২৮ ফ্ৰেব্ৰুৱাৰী ৷ ইয়াৰ পিছতে মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে ৰাজ্যৰ নিৰ্বাচন আয়োগে ভাৰতৰ নিৰ্বাচন কমিশ্যনক ৰাজ্য চৰকাৰক সম্বন্ধিত বিভাগ আৰু কাৰ্যালয়ৰ সকলো তথ্যৰ লগতে এখন প্ৰতিবেদনো দাখিল কৰিব লাগিব বুলি ভাৰতৰ নিৰ্বাচন কমিশ্যনে নিৰ্দেশ দিয়ে ৷

ভাৰতৰ নিৰ্বাচন কমিশ্যনৰ নিৰ্দেশ অনুসৰি ২০১৯ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হৈছিল। নতুন ভোটাৰ তালিকা অনুসৰি, অসমত ভোটাৰৰ সংখ্যা হৈছে ২,১৭,৬০,৬০৪ জন ৷ ইয়াৰ ভিতৰত পুৰুষৰ সংখ্যা হৈছে ১,১১,৩২,৭৮২ জন আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,০৬,২৭,৮২২ গৰাকী ৷ ২০০৮ চনৰ মুঠ ভোটাৰ আছিল ২,১২,৪৭,৮৫৪৷ গতিকে ২০১৯ বৰ্ষত ৫,১২,৭৫০ জন ভোটাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷অৰ্থাৎ ২.৪২ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

ইয়াৰ মাজতে ইচি আই য়ে নিৰ্দেশ দিয়ে যে নিৰ্বাচনৰ লগত জড়িত যিকোনো বিষয়াক সম্প্ৰতি দুটা খণ্ডত নিযুক্তি দিয়া ন’হব৷এই নিৰ্দেশ ডীইঅ’ৰ লগতে নিৰ্বাচনৰ জৰিত কৰ্মকৰ্তাসকলৰ কাৰণে প্ৰযোজ্য হ’ব ৷লগতে আৰক্ষী বিভাগৰ বিষয়া সকল আই জি,ডিআইজী,এচএচপি,এছ পি আদি সকলৰ কাৰণেও প্ৰযোজ্য হ’ব ৷বিষয়াসকলৰ স্থানান্তৰিত কৰাৰ সময়,ৰাজ্য চৰকাৰৰ বিভাগীয় কাম কাজৰ লগতে বিষয়াসকলে যাতে নিজৰ গৃহ জিলাত নিযুক্ত নহয় তাৰ কাৰণে সুনিশ্চিত হ’ব লাগিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি