শীৰ্ষ বাতৰি

ৰাজ্যত নিৰ্বাচনৰ বাবে বিজেপিৰ নতুন মুখৰ সন্ধান: ৫ প্ৰাৰ্থীৰ নাম অনিশ্চিত

Sentinel Digital Desk

আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাষ্ট্ৰীয় বিজেপিয়ে অসমৰ কেইজনো সম্ভাৱনীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে যদিও ৫ টা সমষ্টিৰ প্ৰাৰ্থীকলৈ বৰ্তমানেও অনিশ্চিত বিজেপি ।

বৰ্তমানলৈকে লোকসভা সদস্য পদৰ বাবে সম্ভাৱনীয় ডিব্ৰুগড়ৰ পৰা ৰামেশ্বৰ তেলী আৰু লক্ষিমপুৰৰ পৰা প্ৰদান বৰুৱাৰ নাম প্ৰকাশ কৰিছে । যোৰহাটৰ পৰা তপন কুমাৰ গগৈ, কৰিমগঞ্জৰ পৰা কৃপানাথ মাল্লা, শিলচৰৰ পৰা ৰাজদীপ ৰয়, ডিফুৰ পৰা হৰেন সিংবে আৰু মংগলদৈৰ পৰা দিলিপ শইকীয়াই প্ৰাৰ্থী লাভৰ ক্ষেত্ৰত সেউজ সংকেত লাভ কৰিছে । গুৱাহাটী পৌৰনিগমৰ মেয়ৰ কুইন ওজাক গুৱাহাটীৰ পৰা প্ৰাৰ্থীত্ব দিয়াৰ সম্ভাৱনা আছে ।

আনহাতে ৰাষ্ট্ৰীয় বিজেপিয়ে গুৱাহাটীৰ পৰা বিজয়া চক্ৰবৰ্ত্তী, নগাঁওৰ পৰা ৰাজেন গোহাঁই, যোৰহাটৰ পৰা কামাখ্যা প্ৰসাদ তাছা, তেজপুৰৰ পৰা আৰ পি শৰ্মা আৰু মংগলদৈৰ পৰা ৰমেন ডেকাৰ নাম নাকচ কৰিছে । দেওবাৰে নতুন দিল্লীত গুৱাহাটী, তেজপুৰ আৰু নগাঁওৰ পৰা প্ৰাৰ্থীক লৈ আলোচনা অব্যাহত ৰাখে ।

সুত্ৰই জনোৱা হিমন্ত বিশ্ব শৰ্মাক লোকসভা নিৰ্বাচনত তেজপুৰৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে ।হিমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক হোৱাৰ হেতুকে দলৰ শীৰ্ষ নেতৃত্বই উত্তৰ পূৰ্বাঞ্চল নিৰ্বাচনৰ নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে বুলিও প্ৰকাশ কৰে । উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ ২৫ খন আসন আছে । ২৫ খন আসনৰ পৰা ২০ খন আসন লাভ কৰিব বুলি আশাবাদী ।

সোমবাৰে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ কথা আছিল যদিও বিজেপি আজি নকৰে বুলি প্ৰকাশ কৰে । লগতে বাতিল কৰে বিজেপিৰ কমিটি বৈঠক। গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত এই সিদ্ধান্ত বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি