শীৰ্ষ বাতৰি

ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

Sentinel Digital Desk

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগক উখ গৃহ নিৰ্মানৰ বাবে নিৰ্দেশ দিছে।যাতে প্ৰত্যেক বছৰে অসমৰ বানত পীড়িত লোকসকলৰ ভাল আশ্বয় দিব পৰা যায়।জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ আলোচনা কক্ষত অনুস্থিত সভাত মুখ্যমন্ত্ৰীজনে কয় যে বানত পীড়িত লোকসকলক বানপানীৰ সময়ত যাতে ভাল আশ্চয় দিবৰ বাবে বান ৰাজ্যৰ পীড়িত অঞ্চলত উখ গৃহ নিৰ্মানৰ পদক্ষেপ লোৱা হৈছে।বানপানী নোহোৱা সময়ত সেই গৃহ সমূহত নানা ধৰনৰ সামাজিক অনুস্থানৰ বাবেও ব্যৱহাৰ কৰিব পৰা হব।

অসমৰ ৮ খন জিলাৰ ১৮ টা মহকুমাৰ ১৬৩ খন গাওঁৰ প্ৰায় ১০.৯৯ লাখ লোক এই ভয়ানক বেয়াকৈ আক্ৰান্ত হৈছে।বহ্মপুত্ৰ,দিখৌ,ধনশিৰি,জিয়া ভৰালী আৰু বেকী নদীৰ সংহাৰী ৰূপ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে।ৰাজ্য খনত নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে নদী সমূহৰ জলপৃষ্ঠ।পানীত বুৰ গৈছে বহু পৰিয়ালৰ ঘৰ দুৱাৰ আৰু কৃষি ভূমি লগতে বহুসংখ্যক পশুধনৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

ধেমাজি,ওদালগুৰি আৰু গোলঘাটৰ তিনিজন লোকৰ মৃত্যু হৈছে,এইবছৰ বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পালে।সৰ্বাধিক লক্ষিমপুৰ জিলাৰ ৪ টা মহকুমাৰ ২৪ খন গাওঁ ক্ষতিগষ্ঠ হৈছে।গোলাঘাট জিলাৰ ২০,৮৬৯ জন লোকৰ লগতে শিৱসাগৰৰ ৬৬৪ জন লোকে বৰ্নাত্য শিবিৰত আশ্বয় লৈছে।