শীৰ্ষ বাতৰি

ৰেলযাত্ৰীসকলৰ যাত্ৰা মসৃণ কৰিবলৈ ৰেল কৰ্তৃপক্ষৰ নতুন সংযোজন

Sentinel Digital Desk

ৰেল যাত্ৰী সকলৰ কাৰণে সুখবৰ কঢ়িয়াই আনিছে ৰেল কৰ্তৃপক্ষই ৷ সংসদৰ সদস্য তথা লোকসভাৰ সদস্য ৰমেন ডেকাই শুক্ৰবাৰে গুৱাহাটী ৰেল ষ্টেচনত ২ টা এক্সেলেটৰ আৰু ১ টা লিফট উদঘাটন কৰে ৷ সাংসদ ৰমেন ডেকাই গুৱাহাটী ৰেলৱে ষ্টেচনত ছটা এক্সেলেটৰৰ আধাৰশীলা স্থাপন কৰিছে। এই আধাৰশীলাৰ কাম আৰম্ভ হ’ব অনাগত বৰ্ষত ।

অন্যহাতে বিধায়ক শিবু মিশ্ৰাই এক অনুষ্ঠানত লামডিঙ ৰেল ষ্টেচনত দুটা এক্সেলেটৰৰ আধাৰশিলা উদঘাটন কৰে ৷ ইফালে যাত্ৰী সকলৰ বিভিন্ন ক্ষেত্ৰত হোৱা অসুবিধাৰ কাৰণে ৰেল ষ্টেচন সমূহৰ বিভিন্ন প্লেটফৰ্মসমূহত লিফট আৰু এক্সেলেটৰৰ প্ৰয়োজন ৷ ভাৰতীয় ৰেল বিভাগে এই ক্ষেত্ৰত অধিক সংখ্যক লিফ্ট আৰু এক্সলেটৰৰ ব্যৱস্থা কৰিবলৈ ব্যৱস্থা কৰিছে ৷ যাতে যাত্ৰী সকলে অনতি পলমে সময় মতে ৰেলত যাত্ৰা কৰিব পাৰে ৷

এনএফ (Northeast Frontier Railway) ৰেলে কৰ্তৃপক্ষই ২০২০ চনৰ ভিতৰত ২৯ টা এক্সেলেটৰ স্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷ ইয়াৰে ৬ টা ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ ৰঙিয়া, তিনিচুকীয়া, কামাখ্যা আৰু লামডিং ৰেল ষ্টেচশ্যনত চলিত বৰ্ষত দুটা এক্সলেটৰ স্থাপন হ’ব ৷ ছটা এক্সেলেটৰ গুৱাহাটীত,দুটা লামডিঙত,এটা ডিমাপুৰত,দ্বিতীয়টো অনাগত বৰ্ষৰ ভিতৰত আগৰতলাত লগোৱা হ’ব ৷এনেদৰেই এনএফে বিভিন্ন ষ্টেচশ্যনত ৩৬ টা লিফ্ট লগোৱা হ’ব ৷

অৱশ্যে বিগত বৰ্ষৰ ছেপ্তেম্বৰতেই প্ৰথমটো লিফ্ট স্থাপন হয় ৷ গুৱাহাটী,কোচবিহাৰ আৰু কাটিহাৰ ষ্টেচনত এটাকৈ লিফ্টৰ ব্যৱস্থা আছে লগতে নিউ জলপাইগুৰিত দুটা লিফ্ট আছে ৷ ইয়াৰোপৰি ১২ টি লিফ্টৰ ভিতৰত তিনিচুকীয়া,কামাখ্যাত এটাকৈ গুৱাহাটী,লামডিঙ আৰু ডিব্ৰুগড়ত দুটাকৈ লিফ্ট এই বৰ্ষত স্থাপন কৰিব ৷ আৰু বাকী ২৪ টা অনাগত বৰ্ষৰ ভিতৰত স্থাপন হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি