ৰাজ্যিক বাতৰি

১০৮ বছৰীয়া সুভদ্ৰা দেৱীৰ মৃত্যু

সুভদ্ৰা দেৱীয়ে দীৰ্ঘদিন ধৰি প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমত বাস কৰিছিল।

Sentinel Digital Desk

গুৱাহাটীঃ সকলোৰে মৰমলগা আইতা সুভদ্ৰা দেৱী ওৰফে কলিজা নামৰ আইতাগৰাকী আৰু নাই। বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। সূত্ৰ অনুসৰি, ১৯ জানুৱাৰীত অসুস্থতাৰ বাবে স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটাত ১০৮ বছৰীয়া আইতাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।সুভদ্ৰা দেৱীয়ে দীৰ্ঘদিন ধৰি প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমত বাস কৰিছিল। ২৩ জানুৱাৰীত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশব মহন্তই কলিজা আইতাৰ স্বাস্থ্যৰ বুজ লৈছিল।