ৰাজ্যিক বাতৰি

ধুবুৰীত দুই চোৰাং গৰু কাৰবাৰী গ্ৰেপ্তাৰ, বাহন জব্দ

Sentinel Digital Desk

ৰাজ্যৰ কেতবোৰ অঞ্চলত বৰ্তমানেও গৰু চোৰাং কাৰবাৰ অব্যাহত আছে। এই কথা সম্প্ৰতি এই কথা প্ৰমাণিত হৈছে জিলাখনৰ গৌৰীপুৰ আৰু গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে উক্ত থানা দুখনৰ অদীনৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গৰুৰ চোৰাং বেহাত লিপ্ত দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃতদ্বয়ৰ পৰা আৰক্ষীয়ে এ এছ-০১-এইচ চি-৮৬৩৬ নম্বৰৰ এখন বাহন আৰু ২৯টা গৰু জব্দ কৰে।

আনহাতে, জিলাখনত গৰুৰ চোৰাং বেহা সম্পৰ্কত কোনো তথ্য থাকিলে আৰক্ষী অধীক্ষকক পোনপটীয়াভাবে 60260-00357 নম্বৰত জনাবলৈ আৰক্ষীয়ে সকলোৰে প্ৰতি আহ্বান জনাইছে। .