ৰাজ্যিক বাতৰি

জে এম চিৰ ঔষধ পঞ্জীয়কক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ দুই যুৱক

অভিযোগ অনুসৰি আজি ৰোগীৰ এজন আত্মীয়ই ডাঃ শইকীয়াক জে এম চি এইচৰ আই চি ইউৰ ওচৰত প্ৰহাৰ কৰে

Sentinel Digital Desk

ক'ৱিড-১৯মহামাৰীয়ে ৰাজ্যত জটিল ৰূপ ধাৰণ কৰাৰ সময়তে কৰ্তব্যৰত চৰকাৰী চিকিৎসক ৰোগীৰ আত্মীয়ৰ দ্বাৰা প্ৰহৃত হোৱাৰ ঘটনা সংঘটিত হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ঔষধ পঞ্জীয়ক ডাঃ দীপজ্যোতি শইকীয়াক প্ৰহাৰ কৰাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷

ধৃত যুৱকদ্বয়ৰ নাম ঈষাণজ্যোতি শইকীয়া আৰু ঈশ্বৰজ্যোতি শইকীয়া ৷ অভিযোগ অনুসৰি আজি ৰোগীৰ এজন আত্মীয়ই ডাঃ শইকীয়াক জে এম চি এইচৰ আই চি ইউৰ ওচৰত প্ৰহাৰ কৰে৷ পাছত আৰক্ষীয়ে অভিযুক্তদ্বয়ক গ্ৰেপ্তাৰ কৰে ৷

আনহাতে, এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ডাঃ শইকীয়াসহ জে এম চি এইচৰ তিনিজন চিকিৎসকে ক'ৱিড ৰোগীক সম্পূৰ্ণ উৎসৰ্গিত মনোভাবেৰে সেৱা আগবঢ়াই আহিছে ৷ এনে স্থলত সংঘটিত এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্ত্ৰী শৰ্মাই আখ্যা দিয়ে ৷