ৰাজ্যিক বাতৰি

২.৬ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰিলে কোকৰাঝাৰক

Sentinel Digital Desk

এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই আজি বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাক জোঁকাৰি যায়। চৰকাৰী তথ্য অনুসৰি ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ২.৬আছিল। ইয়াৰ জোঁকাৰণি আজি দিনৰ ১ বাজি ৯ মিনিট ৩০ছেকেণ্ডত অনুভূত হয়। সৌভাগ্যবশতঃ ভূমিকম্পটোৰ জোঁকাৰণিত কোনো ক্ষয়-ক্ষতি নহ'ল। আনহাতে, আজি পুৱা গুজৰাটৰ ৰাজকোট নগৰকো ৪.৫ প্ৰাবল্যৰ এটা ভূমিকম্পই জোঁকাৰি যায়।