ৰাজ্যিক বাতৰি

দলগাঁৱত জালত পৰিল দল হৰিণ চিকাৰীৰ দল

Sentinel Digital Desk

ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ বনাঞ্চলত দল হৰিণ হত্যা কৰি মাংস বিক্ৰী কৰা এটা চাৰিজনীয়া দল দৰঙৰ দলগাঁৱত জালত পৰিছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰক্ষীৰ দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই প্ৰথমে দলগাঁৱৰ বাগৰিবাৰী গাঁৱৰ পৰা এজন দল হৰিণা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে ৷

বনৰক্ষীয়ে তেওঁৰ পৰা কিছু পৰিমাণৰ দল হৰিণৰ মাংস উদ্ধাৰ কৰে ৷ ধৃত চোৰাংচিকাৰীজনে জেৰাত প্ৰকাশ কৰা তথ্যৰ বনৰক্ষীয়ে আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত চাৰিজনীয়া দলটো হৈছে মহম্মদ নিজামুদ্দিন আলী, মহম্মদ নেকবৰ আলী, মহম্মদ আকবৰ আলী আৰু মহম্মদ আলী ৷