ৰাজ্যিক বাতৰি

ক'ৰ'না মহামাৰীঃ কৰিমগঞ্জৰ সাত বজাৰ অঞ্চলত তলাবন্ধ আৰোপ

Sentinel Digital Desk

ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কৰিমগঞ্জৰ সাতটা বজাৰ অঞ্চলত পুনৰ তলাবন্ধ বা ল'ক-ডাউনৰ নিয়ম-বিধি বলবত কৰা হৈছে। জিলা প্ৰশাসনে ঘোষণা কৰা অনুসৰি ফকিৰবজাৰ, নিলাম বজাৰ, আছমিগঞ্জ. ভাংগাবজাৰ, পাথাৰকান্দি আৰু অনিপুৰাতক তলাবন্ধৰ নীতি-নিয়মৰ কবললৈ অনা হৈছে।পৌৰ অঞ্চলৰ উপৰি এই বজাৰ অঞ্চলসমূহতো তক-ডাউনৰ বিধি বলবত কৰা হৈছে। ধেমাজিৰ গোগামুখতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনে। কাৰণ গোগামুখতো ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।