ৰাজ্যিক বাতৰি

বিজনীত আছুৰ সজাঁতি দলৰ বানাক্ৰান্তৰ মাজত সাহাৰ্য্য বিতৰণ

Sentinel Digital Desk

সমগ্ৰ ৰাজ্যত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বিজনীত আছুয়ে বিতৰণ কৰিছে বান সাহায্য। বিজনী আছুৰ এটা সঁজাতি দলৰ সৈতে বিজনী নগৰ মহিলা সমিতিৰ একাংশ মহিলা আৰু সংবাদিকৰ দল উপস্থিত হয়, বানাক্ৰান্তৰ কাষত। বঙাইগাঁও জিলাৰ বিজনী মহকুমাৰ ৰাজহ চক্ৰৰ অধীনৰ ২ নং জামদহা আৰু ১ নং জাৰাগুৰীৰ বানাক্ৰান্তৰ মাজত বৃহস্পতিবাৰে বিজনী আছুৰ এটা দলৰ সৈতে বিজনী নগৰ মহিলা সমিতিৰ একাংশ মহিলা আৰু সংবাদিকৰ দল উপস্থিত হয় বানাক্ৰান্ত কাষত আৰু বানাক্ৰান্তক সকাহ দিবৰ কাৰণে কিছু পৰিমাণে সামগ্ৰী বিতৰণ কৰে ।

উল্লেখ্য যে ১ নং জাৰাগুৰীত ইতিমধ্যে ১১৭ টা পৰিয়ালৰ বাসগৃহ, কৃষিভূমি আদি নৈখনৰ বুকুত জাহ যোৱাৰ ফলত গৃহহীন হৈ পৰে পৰিয়ালসমূহ ৷ যাৰ কাৰণে পথৰ ওপৰতে দুৰ্বিসহ জীৱন -যাপন কৰিবলগীয়া হৈছে বানাক্ৰান্তই । ইয়াৰোপৰি ১ নং জৰাগুৰী আৰু ২ নং জৰাগুৰীৰ ৪ শতাধিক বানাক্ৰান্ত পৰিয়ালৰ একাংশ পথৰ ওপৰত তথা আন একাংশ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে । যদিও আজি পৰ্যন্ত্য ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী বানাক্ৰান্ত গাঁৱবাসীৰ কাষত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে।

যাৰ কাৰণে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ইফালে দেখা গৈছে বানৰ ফলত ছাত্ৰ-ছাত্ৰীৰ কিতাপ- বহি তিতি যোৱাৰ ফলত একাংখ্য ছাত্ৰ- ছাত্ৰীয়ে কিতাপ বহি ৰ'দত মেলি দি শুকোৱা পৰিলক্ষিত হৈছে ।গতিকে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পাৰ্থজিৎ ৰায়ৰ নেতৃত্বত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক সুদীপ চন্দসহ আছুৰ এটা সঁজাতি দলৰ সৈতে বিজনী নগৰ মহিলা সমিতিৰ একাংশ মহিলা আৰু সংবাদিকৰ দলে বানাক্ৰান্ত লোকসকলৰ মাজত উপস্থিত হয়।

আৰু এই যাত্ৰাৰে ৮৪৮ নং জাম দহা প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰৰ বানাক্ৰান্ত আৰু ১ নং জাৰাগুৰীত পথৰ ওপৰতে অস্থায়ী ঘৰ সাজি বসবাস কৰা বানাক্ৰান্ত লোকসকলৰ মাজত চিৰা, মুড়ি, বিস্কুট, বিশুদ্ধ খোৱা পানীৰ লগতে ঔষধো বিতৰণ কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ প্ৰায় ১৭০ চেন্টি মিটাৰ জলস্তৰ হ্ৰাস পাইছে ।কিন্তু ১৫ টা শিবিৰ সম্প্ৰতি এতিয়াও জলমগ্ন হৈ আছে।ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক বিশেষ সূত্ৰৰ মতে ২৪ জুলাইৰ পৰা প্ৰায় ২০৮ টা বন্যজীৱৰ মৃত্যু হৈছে ৷ ইফালে ওডালগুৰি আৰু বাক্সাত গৰাখহনীয়াৰ সমস্যা দেখা গৈছে ।বৰপেটা আৰু বিশ্বনাথৰ বহু স্থানত বান্ধৰ ক্ষতি গ্ৰস্তৰ কাৰণে নলবাৰী,ধুবুৰী,বৰপেটা,চিৰাং,বাক্সাত ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে বৰপেটাত চাৰিখন বিদ্যালয় জলমগ্ন হোৱাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷