ৰাজ্যিক বাতৰি

গুৱাহাটীৰ জিলা পুঁথিভৰালত সদৌ অসম ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা অনুষ্ঠান

Sentinel Digital Desk

গুৱাহাটীৰ জিলা পুঁথিভৰালত সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান আয়োজন কৰা হয় ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা,উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্ৰাপ্তৰ লগতে সৰ্বভাৰতীয় প্ৰশাসনীক সেৱা পৰীক্ষাত সফল হোৱাৰ লগতে অসমক উজ্বলাই তোলা ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হয় ৷

সম্বৰ্দ্ধনা অনুষ্ঠানটিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা ৩৯ জনক, হাইমাদ্ৰাছাৰ ৩ জন, কলা শাখাত ১৮ জন,বিজ্ঞান শাখাত ২৬ জন,বানিজ্য শখাত ১৮ জন, স্থানপ্ৰাপ্ত স্কুলৰ শিক্ষক ৬৫ জন, ইউপিএছচি ৩ জনক সম্বৰ্দ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° আলোক কুমাৰ বুঢ়াগোঁহাঞি, কুমাৰ ভাস্কৰ বৰ্মা আৰু সংস্কৃত বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মা, ভবা এট’মিক ৰিচাৰ্চ চেন্টাৰ হলধৰ শৰ্মা আদি ব্যক্তিসকল উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদেশ্য কৰি প্ৰেৰনাদায়ক ব্যক্তব্য প্ৰদান কৰে ৷

ইয়াৰোপৰি অনুষ্ঠানটিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ উপস্থিত আছিল ৷ সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকি। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সদুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, মেধাৱী ছাত্ৰ-ছাত্ৰী পৃথিৱীৰ বিভিন্ন স্থানত নেতৃত্ব দি যাওঁক কিন্তু শিপাৰ লগত সংগতি থাকিব লাগিব।মোৰ কাম অসমৰ কাম, অসমৰ কাম মোৰ কাম, অসমৰ সন্মান মোৰ সন্মান। মই ভাবিম, মই কৰিম, মই পাৰিম, আৰু অসমৰ মান ৰক্ষা কৰিম।

উল্লেখ্য যে প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰি আহিছে ৷ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিবলৈ লোৱা ছাত্ৰ সন্থাৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি