ৰাজ্যিক বাতৰি

ক'ৰ'নাত মৃত্যু অতিৰিক্ত কৃষি সঞ্চালক ৰামছিং হান্সেৰ

Sentinel Digital Desk

চৌদিশে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ মৃত্যক সাৱটিলে এগৰাকী উচ্চ পদস্থ কৃষি বিষয়াই। প্ৰাপ্ত তথ্য অনুসৰি কাৰ্বি আংলঙৰ অতিৰিক্ত কৃষি সঞ্চালক ৰামছিং হান্সেৰ আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়। তেওঁ ক'ৰ'না মহামাৰীত আক্ৰান্ত আছিল। ইয়াৰ পূৰ্বে যোৱা ৫ জলুাইত কৃষি বিষয়া হান্সেক ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল। পাছত নিশালৈ তেওঁৰ অৱস্থা জটিল হৈ পৰাত তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। জি এম চি এইচত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আনহাতে, হান্সেৰ সংস্পৰ্শলৈ অহা কৃষি বিভাগৰ তিনিজন লোকৰ শৰীৰতো মহামাৰী সৃষ্টিকাৰী এই ভাইৰাছৰ উপস্থিতি ধৰা বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ।