ৰাজ্যিক বাতৰি

ৰেলৰ খুন্দাত হাতীৰ মৃত্যু ৰোধ কৰাৰ বাবে এআই ভিত্তিক চফটৱেৰ

Sentinel Digital Desk

গুৱাহাটী : ৰে'ল দুৰ্ঘটনাৰ ফলত হাতীৰ মৃত্যু বৰ্তমান অসমত এক চিন্তনীয বিষয়। যোৱা বছৰ এনে কেইবাটাও ঘটনা সংঘটিত হৈছে। ৰে'ল দুৰ্ঘটনাৰ ফলত হোৱা হাতীৰ মৃত্যু দূৰ কৰাৰ বাবে নতুন প্ৰযুক্তিগত সমাধান উলিয়াইছে। উত্তৰ-পূব সীমান্ত ৰেলৱেই (এন এফ আৰ) এ আই ভিত্তিক চফটৱেৰৰ ব্যৱহাৰৰ জৰিয়তে এই সমাধানৰ প্ৰস্তাৱ আগবঢ়াইছে। এনএফআৰে ১১টা হাতী কৰিডৰত জীৱ-জন্তুৰ তত্বাৱধান আৰম্ভ কৰিছিল, ইনট্ৰুচন ডিটেকচন চিষ্টেম (আইডিএছ) ব্যৱহাৰ কৰি ৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।

এই আইডিএছসমূহ ২০২২ চনৰ আগষ্ট মাহত কাৰ্যকৰী হৈছিল।তেতিয়াৰ পৰাই লুমডিং আৰু আলিপুৰদুৱাৰ সংমণ্ডলত শূন্য দুৰ্ঘটনাৰ গোচৰ পঞ্জীয়ন কৰা হৈছে। আইডিএছৰ সফলতাৰ ভিত্তিত এনএফআৰে এতিয়া আৰু ৭৫টা হাতী কৰিডৰত নতুন প্ৰযুক্তিগত হস্তক্ষেপ স্থাপন কৰিবলৈ সাজু হৈছে।