ৰাজ্যিক বাতৰি

লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশ্ব পৰিবেশ দিৱস উপলক্ষ্যে বিশেষ কাৰ্যসূচী

Sentinel Digital Desk

আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষ্যে সমগ্ৰ বিশ্বতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন সংগঠনকে ধৰি অনুষ্ঠান , প্ৰতিস্থানে বিশ্ব পৰিবেশ দিৱস উৎযাপন কৰিছে ।ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত পৰিবেশ সুৰক্ষা বাবে সজাগতা মূলক সভা অনুষ্ঠিত কৰে লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কতৃপক্ষয়ে|

বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষ্যে লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অনুষ্ঠিত পৰিবেশ সজাগতা মূলক অনুষ্ঠানত অংশগ্ৰহন কৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে । মংগলবাৰে এই অনুষ্ঠানৰ আয়োজন কৰে বিমানবন্দৰ কতৃপক্ষয়ে ।

এম কে এম ই স্কুল , গাৰালৰ ছাত্ৰ ছাত্ৰী সকলক পৰিবেশৰ লগত সংগতি থকা উপহাৰ প্ৰদান কৰা হয়। লগতে চিত্ৰাংকন আৰু স্কেচিঙৰ প্ৰতিযোগিতাও আয়োজন কৰা হয় ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি