ৰাজ্যিক বাতৰি

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেলত উদযাপন ইনষ্টিটিউট দিৱস

Sentinel Digital Desk

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ ২২টা নতুন এইমছৰ পঞ্চম পৰ্যায়ৰ অধীনত পৰিকল্পিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীয়ে যোৱা ১২ জানুৱাৰীত শৈক্ষিক কাম-কাজ আৰম্ভ হোৱাৰ উপলক্ষে তৃতীয় প্ৰতিষ্ঠান দিৱস উদযাপন কৰে এইমছ গুৱাহাটীত। এইবাৰৰ উদযাপন বিশেষভাৱে তাৎপৰ্যপূৰ্ণ আছিল কাৰণ প্ৰথমবাৰৰ বাবে এইমছ গুৱাহাটীৰ মূল চৌহদত কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰানিকৰ নেতৃত্বত উদযাপন কৰা হৈছিল বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।

দুদিন ধৰি উদযাপন হয় এই দিৱস। ১১ জানুৱাৰীত ছাত্ৰ-ছাত্ৰী, অধ্যাপক, নাৰ্চিং বিষয়া আৰু অন্যান্য কৰ্মচাৰীৰ বাবে বিভিন্ন ক্ৰীড়া, সাংস্কৃতিক, পৰিৱেশ আৰু সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ১২ জানুৱাৰীত একাডেমিক এক্সট্ৰাভাগান্জা অনুষ্ঠিত হয়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰখ্যাত শিক্ষাবিদ আৰু প্ৰশাসক অধ্যাপক গীতাঞ্জলি বাটমনাবানে। অধ্যাপক বাটমনাবানে ইনষ্টিটিউট দিৱসৰ বক্তৃতা প্ৰদান কৰাৰ লগতে বিশিষ্ট অস্ত্ৰোপচাৰ বিশেষজ্ঞ অধ্যাপক সুভাষ খান্নাই এই উপলক্ষে মূল ভাষণ প্ৰদান কৰে।