ৰাজ্যিক বাতৰি

বাঘজানৰ অগ্নিকাণ্ডস্থলীৰ ওচৰত বেইলী দলং নিৰ্মাণ সেনাৰ

Sentinel Digital Desk

অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰ তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ডস্থলীৰ ওচৰত এখন বেইলী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ভাৰতীয় সেনাই । সেনাৰ তৃতীয় ক'ৰ্পছে এই দলং নিৰ্মাণ কৰিছে ৷ এক বিবৃতিত অইল ইণ্ডিয়া লিমিটেডে এই কথা জানিবলৈ দি কয় যে এই দলং নিৰ্মাণৰ বাবে সেনাই তৃতীয় ক'ৰ্পছৰ তেজপুৰৰ মিছামাৰীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা ৯ ট্ৰাক সামগ্ৰী অনাৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ পূৰ্বে যোৱা মঙলবাৰে সেনাৰ তৃতীয় ক'ৰ্পছৰ এটা দলে অগ্নিকাণ্ডস্থলীত বেইলী দলং নিৰ্মাণৰ বাবে এক জৰীপ সম্পন্ন কৰে ৷ আনহাতে, অইল ইণ্ডিয়াই জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডস্থলীৰ সন্মুখত তাপৰ এক ঢাল স্থাপনৰ কাম সম্পূৰ্ণ হৈছে ৷ উল্লেখ্য যে যোৱা ২৭মে' আৰু ৯জুনত এই অগ্নিকাণ্ডস্থলীত দুদিন ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ দ্বিতীয়টো অগ্নিকাণ্ডই ইমানেই ভয়াবহ ৰূপ ধাৰণ কৰে যে ওচৰ-পাঁজৰৰ কমেও ১০হেজাৰ লোকক অস্থায়ী শিবিৰলৈ স্থানান্তৰ কৰা হয় ৷