ৰাজ্যিক বাতৰি

চৰকাৰী কৰ্মচাৰীৰ সময় সলনি কৰা নাই বুলি স্পষ্ট কৰি দিয়ে অসম চৰকাৰে

Sentinel Digital Desk

অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ সময় সলনি কৰা নাই বুলি স্পষ্ট কৰি দিয়ে । অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ সময় সলনি কৰি সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ৯ বজাৰ পৰা ৬ বজালৈকে কৰিছে বুলি প্ৰকাশ কৰিছিল । লগতে প্ৰত্যেকটো শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব বুলি প্ৰকাশ কৰিছিল । চৰকাৰে নতুন সময় ধাৰ্য কৰা নাই বুলি প্ৰকাশ কৰে।

বৰ্তমানৰ ৯.৩০ ৰ পৰা ৫ লৈকে কাৰ্যালয় সময় অব্যাহত থকাৰ লগতে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকিব ।সৰ্বানন্দ সোনোৱালৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ নতুন সময়ৰ ওপৰত কেবিনেট টোকা প্ৰস্তুত কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল । উপায়ুক্ত আৰু জি এ ডি আৰু এচ এ ডিৰ অধক্ষ্য ডঃ এম অংগমাথুয়ে প্ৰকাশ কৰে যে চৰকাৰৰ কৰ্মচাৰীৰ সময় সলনি কৰাৰ ক্ষেত্ৰত কোনো পৰিকল্পনা নাই|

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি