ৰাজ্যিক বাতৰি

বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰ

Sentinel Digital Desk

গুৱাহাটীঃ বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিবলৈ অসম চৰকাৰে ৰাজ্যৰ আৰক্ষীক কঠোৰ নিৰ্দেশ জাৰি কৰিছে। অসমৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ (এন এফ এইচ এছ-৫)ত ৰাজ্যত বাল্যবিবাহৰ শতকৰা হাৰ আতংকজনকভাৱে উচ্চ হৈছে যি ৩১% ।এই তথ্য প্ৰকাশ পোৱাৰ পিছতে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। বাল্যবিবাহৰ শতকৰা হাৰ অধিক হোৱাটোও ৰাজ্যখনত মাতৃৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰ অধিক হোৱাৰ অন্যতম প্ৰধান কাৰক।আজি গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এন এফ এইচ এছ-৫ৰ তথ্য অনুসৰি অসমত এতিয়াও বাল্যবিবাহৰ প্ৰচলন আছে। বিশেষকৈ ৰাজ্যৰ ১০খন জিলাত বাল্যবিবাহৰ প্ৰাদুৰ্ভাৱ বেছি আছিল। "বাল্য বিবাহ কেৱল নিম্ন অসম জিলাতে নহয়, উচ্চ অসমৰ একাংশ জিলাতো দেখা যায়। ৰাজ্যত প্ৰায় ১ লাখ বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে। সমগ্ৰ ৰাজ্যতে তথ্য সংগ্ৰহৰ বাবে অসম আৰক্ষীক ব্যাপক অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।" ১৫ দিনৰ ভিতৰত এনে গোচৰৰ বিষয়ে আৰু বাল্য বিবাহৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।