ৰাজ্যিক বাতৰি

অসমঃ বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী বাতিল

Sentinel Digital Desk

গুৱাহাটীঃ অহা ৮ অক্টোবৰত অসমত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টীৰ গণ যোগদান অনুষ্ঠান বাতিল কৰা হৈছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই যোগদান অনুষ্ঠান ,অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল। সেইদিনা অসংখ্য কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰাৰ কথা আছিল।

কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতৰ মাজতে দলীয় নেতা প্ৰাঞ্জল ঘাটোৱাৰে কেশৰ দলত যোগদান কৰাৰ জল্পনা-কল্পনাৰ মাজতে এই যোগদান অনুষ্ঠান বাতিল কৰা হৈছে।

কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতৰ মাজতে দলীয় নেতা প্ৰাঞ্জল ঘাটোৱাৰে কেশৰ দলত যোগদান কৰাৰ জল্পনা-কল্পনাৰ মাজতে এই যোগদান অনুষ্ঠান বাতিল কৰা হৈছে।

উল্লেখযোগ্য যে, অহা ৮ অক্টোবৰত অমিত শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে গুৱাহাটীত উপস্থিত হ'ব বুলি দলটোৰ ৰাজ্যিক ইউনিটৰ এক বিবৃতিত প্ৰকাশ পাইছে।

বিবৃতিটোত কোৱা হৈছে যে তেওঁলোকে খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া এক গণ সমাৱেশত অসমৰ বিজেপি নেতা-কৰ্মীসকলক সম্বোধন কৰিব এই বিশাল সভাত ৪০ হাজাৰ দলীয় সদস্য আৰু ৰাজ্যিক নেতা উপস্থিত থাকিব।