ৰাজ্যিক বাতৰি

আসাম পাব্লিক ৱকাৰ্ছৰ সংবাদমেল: জলসিঞ্চন বিভাগৰ অনিয়মৰ তথ্য প্ৰকাশ

Sentinel Digital Desk

আজি গৌৰী সদনত আসাম পাব্লিক ৱকাৰ্ছ কমিটিয়ে এক সংবাদমেল সম্বোধন কৰি পুনৰ জলসিঞ্চন বিভাগৰ অনিয়মৰ কথা প্ৰকাশ কৰে।

আসাম পাব্লিক ৱকাৰ্ছ কমিটিয়ে পূৰ্বে জলসিঞ্চন বিভাগৰ বিৰুদ্ধে অনা অভিযোগৰ স্থিতিত অটল আছে বুলি প্ৰকাশ কৰে । কোনো মন্ত্ৰী আমোলাৰ মতে আসাম পাব্লিক ৱকাৰ্ছ কমিটি নচলে বুলি প্ৰকাশ কৰে। আসাম পাব্লিক ৱকাৰ্ছে যি অভিযোগ আনিছিলে তাৰ প্ৰমাণ দিব বুলি প্ৰকাশ কৰে।

পূৰ্বতে জলসিঞ্চন বিভাগৰ ৮০০ পদবীৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল । আজি সংবাদমেলত আসাম পাব্লিক ৱকাৰ্ছে ৮০০ পদবীৰ বাবে নহয় ৬৪৪ টা পদবীৰ বাবেহে নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰে। এই কথা মানি লয় আসাম পাব্লিক ৱকাৰ্ছ কমিটিয়ে ।

জলসিঞ্চন বিভাগৰ নিযুক্তি পক্ৰিয়াটো চলাই নিবৰ বাবে এজেঞ্চী বিচাৰি ১৯ ফেব্ৰুৱাৰীত এটা বিজ্ঞাপন দিয়া হৈছিল । কিন্তু জলসিঞ্চন বিভাগৰ নিবিদা পক্ৰিয়াত প্ৰী-বিড বৈঠক নহ'লে বুলি অভিযোগ উত্থাপন কৰে । ২৬ ফেব্ৰুৱাৰীত নিবিদা খুলিব লাগিছিল যদিও ২৭ ফেব্ৰুৱাৰী পুনৰ এটি নতুন বিজ্ঞাপন দি নিবিদা খোলা পক্ৰিয়া ৫ মেলৈ পিচুৱাই দিয়া হয় আৰু চৰ্ত সমূহ কিছু সাল-সলনি কৰা হয় বুলি প্ৰকাশ কৰে।

২৭ ফেব্ৰুৱাৰীৰ বিজ্ঞাপনৰ পিছত মাত্ৰ তিনিটা এজেঞ্চীহে এই নতুন নিবিদা পত্ৰ সংগ্ৰহ কৰে। এজেঞ্চী কেইটাৰ নাম হৈছে AMTRON, APTECH LIMITED আৰু AMAIN TECH LIMITED কিন্তু পিছত পাচটা এজেঞ্চীয়ে নিবিদা পক্ৰিয়াত অংশগ্ৰহন কৰে আৰু ৫ খন ফৰ্মেই নিবিদা গ্ৰহণ কৰে যত দুখন নিবিদাত প্ৰয়োজনীয় বিভাগৰ ছিল মোহৰ নাছিল । বৰ্তমান এই বিষয়টো ন্যায়ালয়ত বিচাৰ চলি আছে বুলি প্ৰকাশ কৰে।

পূৰ্বতে আসাম পাব্লিক ৱকাৰ্ছে জলসিঞ্চন বিভাগৰ নিয়োগৰ ক্ষেত্ৰত উৎকুচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল । লগতে ১৫ কোটি টকাৰ অপব্যৱহাৰৰ কথা প্ৰকাশ কৰিছিল । পিছত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই এই অভিযোগ সমুহৰ তথ্য প্ৰমাণ দিবলৈ জনোৱাৰ লগতে আসাম পাব্লিক ৱকাৰ্ছৰ সভাপতি অভিজিৎ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি