ৰাজ্যিক বাতৰি

ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বিজেপিত যোগদান

Sentinel Digital Desk

অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মায়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানত প্ৰাক্তন মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় বিজেপিৰ উপ সভাপতি শিৱৰাজ সিঙ চৌহান আৰু অন্যান্য ৰাজ্যিক জেষ্ঠ বিজেপিৰ নেতা সকলৰ উপস্থিতিত ৰবি শৰ্মায়ে বিজেপিত যোগদান কৰে।

আনহাতে, দন্ত চিকিৎসক ডঃ অংশুমিতা গগৈয়ে বিজেপিত যোগদান কৰিছিল । ২০১৩ চনত ডঃ অংশুমিতা গগৈয়ে অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ কথা পোহৰলৈ আনিছিল। অংশুমিতা গগৈয়ে সমগ্ৰ ঘটনাটো পোহৰলৈ অনাৰ লগতে ডিব্ৰুগড়ত এক গোচৰো ৰুজু কৰিছিল । তাৰ পাছতে অসম লোকসেৱা আয়োগৰ তদন্ত এই বৃহৎ কেলেংকাৰীৰ কথা পোহৰলৈ আহে । সেই সাহসী ডঃ অংশুমিতা গগৈয়ে গেৰুৱা দলত যোগদান কৰে ।

অংশুমিতা গগৈৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই দুদিনৰ পিছত সহকাৰী অভিযন্তা নবকান্ত পাটিৰক আটক কৰিবলৈ সক্ষম হৈছিল। নবকান্ত পাটিৰক উৎকুচ লোৱাৰ সময়তে আটক কৰে আৰক্ষীয়ে । ২০১৬ চনৰ ৪ নবেম্বৰত অসম লোকসেৱাৰ অধক্ষ্য ৰাকেশ পালক আটক কৰে । অংশুমিতা গগৈয়ে কেন্দ্ৰীয় নেতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে ।

আনহাতে, অসমৰ ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মায়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। অসমীয়া ছবি জগতৰ বহু কেইখন বিখ্যাত ছবিত অভিনয় কৰিছিল ৰবি শৰ্মায়ে। হিয়া দিয়া নিয়া, নায়ক , ইমান মৰম কিয় লাগে , বাৰুদ , আমি অসমীয়া আদি বহুতো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ।

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিজেপি চৰকাৰক সকলোৱে আদৰি লোৱা পৰিলক্ষিত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে ৰাজ্যতো অভিনেতা , অভিনেত্ৰীয়ে বিজেপিত যোগদান কৰে । আনহাতে অসমীয়া ছবি জগতৰ আন এজন জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বিজেপিত যোগদান কৰিছিল । আনহাতে অসমীয়া ছবি জগতৰ আন এগৰাকী অভিনেত্ৰী আংগুৰলতা ডেকায়ে বিজেপিত যোগদান কৰি নিৰ্বাচনত অবৰ্তিন হৈ বৰ্তমান বটদোৱাৰ বিধায়িকা হিচাপে জয় হয় । সমান্তৰালকৈ ৰাষ্ট্ৰীয় পৰ্যায়তো বহুতো তাৰকায়ে ৰাজনীতিত যোগদান কৰা পৰিলক্ষিত হয় ।শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানত প্ৰাক্তন মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় বিজেপিৰ উপ সভাপতি শিৱৰাজ সিঙ চৌহান আৰু অন্যান্য ৰাজ্যিক জেষ্ঠ বিজেপিৰ নেতা সকলৰ উপস্থিতিত ৰবি শৰ্মায়ে বিজেপিত যোগদান কৰে।