ৰাজ্যিক বাতৰি

বহু সময়ৰ পিছত দ্বীপৰ বিলত আৱদ্ধ হাতী পোৱালিক উদ্ধাৰ কৰা হয়

Sentinel Digital Desk

দ্বীপৰ বিলত আবদ্ধ হৈ আছিল এটি হাতী পোৱালি । কেইবাঘন্টাৰ পিছত আবদ্ধ হৈ থকা এই হাতী পোৱালিটোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । নিশাৰে পৰা ঘন মেটেকাত আবদ্ধ হৈ আছিল হাতী পোৱালিটো ।

বন বিভাগ আৰু এন ডি আৰ এফৰ বাহিনীয়ে হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছিল । কিন্তু দ্বীপৰ বিলৰ ঘন মেটেকাৰ ফলত হাতী পোৱালি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । বন বিভাগৰ লোকৰ কেইবা ঘন্টাৰ প্ৰচেষ্টাৰ পিছত হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । দ্বীপৰ বিলৰ ঘন মেটেকাৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হাতী পোৱালিটো।

উল্লেখযোগ্য যে হাতী পোৱালিটো খাদ্যৰ সন্ধানত দ্বীপৰ বিললৈ হাতীৰ জাকৰ সৈতে আহিছিল পোৱালিটো ।কিন্তু দ্বীপৰ বিলত ঘন মেটেকাৰ মাজত আবদ্ধ হৈ পৰে হাতী পোৱালিটো ।

দ্বীপৰ বিলত আবদ্ধ হোৱা প্ৰায় তিনি বছৰীয়া হাতীৰ পোৱালিটো শুকুৰবাৰে সন্ধিয়া পূৰ্বে স্থানীয় ৰাইজ, এন জিঅ' বন বিভাগ আৰু এন ডি আৰ এফ বাহিনীৰ যৌথ প্ৰচেষ্টাত উদ্ধাৰ কৰি ৰানী বনাঞ্চলৰ চকৰ্দো পাহাৰলৈ উভতাই পঠিওৱা হৈছে বুলি প্ৰকাশ কৰে বন বিভাগে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি