ৰাজ্যিক বাতৰি

গুৱাহাটীত অনুষ্ঠিত ৰক্তদান শিবিৰ

গুৱাহাটীস্থিত ভেণ্টেজ চাৰ্কেলে ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটিৰ সহযোগত ২০ জানুৱাৰীত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে

Sentinel Digital Desk

গুৱাহাটীঃ গুৱাহাটীস্থিত ভেণ্টেজ চাৰ্কেলে ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ সহযোগত যোৱা ২০ জানুৱাৰী, শুকুৰবাৰে নিজৰ কাৰ্যালয় চৌহদত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰোগীৰ যত্নত নিস্বাৰ্থ অৱদানৰ লক্ষ্যৰে ভেণ্টেজ চাৰ্কলৰ কৰ্মচাৰীসকলে স্বেচ্ছাই ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰে। স্বাস্থ্যসেৱাৰ পেছাদাৰীৰ এটা দলে দাতাসকলক ভালদৰে যত্ন লৈছিল।ভেণ্টেজ চাৰ্কলৰ সহ-প্ৰতিষ্ঠাপক অঞ্জন পাঠকে কয় যে, "ভেণ্টেজ চাৰ্কেলে সমাজ আৰু সামগ্ৰিকভাৱে সমাজলৈ অৰিহনা আগবঢ়াই দিয়াত বিশ্বাস কৰে, আৰু এই বিশ্বাসক সাৰথি কৰি ৰক্তদান শিবিৰৰ আয়োজন কৰি কাৰ্যকৰী কৰা হৈছিল, য'ত আমাৰ কৰ্মচাৰীসকলে ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।" 'তেজৰ উপহাৰ কাৰোবাৰ জীৱনলৈ উপহাৰ' বুলি সঠিকভাৱে কোৱাৰ দৰে।এইদৰে ৰক্তদান সমাজৰ উন্নয়নৰ দিশত এক বৃহৎ অৱদানৰ চিন স্বৰূপ ।অদূৰ ভৱিষ্যতেও এনে পদক্ষেপ অব্যাহত ৰাখিব বুলি জানিব দিয়ে।