ৰাজ্যিক বাতৰি

মাজুলী গৰাখহনীয়া: ৰিপোৰ্ট জমা দিবলৈ নিৰ্দেশ ব্ৰহ্মপুত্ৰ বৰ্ডৰ

Sentinel Digital Desk

মাজুলীৰ জিলা উপায়ুক্তয়ে গুৰুখুটি অঞ্চলৰ ভকত চাপৰিত পৰিদৰ্শন কৰি প্ৰতক্ষ্য কৰে যে মাজুলীৰ গৰাখহনীয়া অঞ্চল সংৰক্ষণৰ বাবে আবন্টিত ধন অপব্যৱহাৰ কৰা হৈছে । ৭ মেত ব্ৰহ্মপুত্ৰ বৰ্ডৰ সহকাৰী অভিযন্তাক MDC/PA/2016/vol-l নম্বৰ পত্ৰ প্ৰেৰণ কৰাৰ পিছত জিলা উপায়ুক্তক ব্যবস্থা গ্ৰহণ কৰি ৩ দিনৰ ভিতৰত ৰিপোৰ্ট জমা দিবলৈ নিৰ্দেশ দিয়ে ।

মাজুলীৰ জিলা উপায়ুক্তয়ে পত্ৰ খনত লগতে প্ৰকাশ কৰে যে ভৰ্তি বালিৰ বেগৰ পৰিবৰ্তে খালী বেগ ব্যৱহাৰ কৰা হৈছে নদী বান্ধত । লগতে নিৰ্মাণ কাৰ্যত ভ্ৰষ্টাচাৰ আৰু চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰে । লগতে প্ৰকাশ কৰে যে গৰাখহনীয়া ৰোধৰ কামত সঠিক পৰ্যবেক্ষনৰ অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত নদীদ্বীপৰ লোকসকলৈ ভাবুকি কঢ়িয়াই আনিছে ।

বুধবাৰে মাজুলীত আছুয়ে এই সম্পৰ্কত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি, জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে আৰু বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়ে । স্মাৰক পত্ৰ খন জিলা প্ৰশাসনৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আছুয়ে ।

ব্ৰক্ষপুত্ৰ বৰ্ডৰ অধিনত মাজুলীত গৰাখহনীয়া ৰোধৰ বাবে ১৯৪ কোটি টকীয়া প্ৰকল্পৰ কাম চলি আছে । এই প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰৰ আচনিৰ অধিনত । ২০১৭ চনৰ ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে এই প্ৰকল্পটো উদ্বোধন কৰিছিল। এই প্ৰকল্পটো অৰুণাচল প্ৰদেশ ভিত্তিক কেটি ইঞ্জিনিয়াৰিং কোম্পানীয়ে লাভ কৰে ।

আঁচনি খন কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনৰ মাৰ্চ মাহত অনুমোদন জনাইছিল। ডনাৰ মন্ত্ৰালয়ে আচনি খনৰ মূলধন ব্যয় কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি