ৰাজ্যিক বাতৰি

অসমৰ জনসাধাৰণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital Desk

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহে অসম গণ পৰিষদৰ লগত এখন উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত কৰি অসম চুক্তিক বাস্তৱত ৰূপায়িত কৰাৰ আশ্বাস প্ৰদান কৰে। বৃহস্পতিবাৰে নতুন দিল্লীত হোৱা এই বৈঠকখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে কেন্দ্ৰই অসমৰ জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতাক বাস্তৱত ৰুপায়িত কৰিব ৷

লগতে কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰগতি আৰু বিকাশৰ কাৰণে কাম কৰিব ৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসংগ উল্লেখ কৰি মোডীয়ে কয় যে তেওঁৰ চৰকাৰে পূৰ্বতেও অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি আহিছে আৰু অনাগত দিনতো দি থাকিব ৷ দ্বিতীয়বাৰৰ কাৰণে কেন্দ্ৰত চৰকাৰ গঠন কৰিব পাৰিলে বুলিয়েই বিজেপি চৰকাৰ, অসম আৰু উত্তৰ পূবৰ প্ৰতি দৃষ্টি ভংগী পৰিৱৰ্তন হৈ নাযায়।

গতিকে আমি পূৰ্বতকৈ অঞ্চলটোৰ ক্ষিপ্ৰ গতিত যাতে উন্নয়ন হয় তাৰ ওপৰত অধিক গুৰুত্ব দিম ৷ ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহে অসম চুক্তিৰ সন্দৰ্ভত কয় যে অসম চুক্তি ৰূপায়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷ অনাগত আগষ্ট মাহত অসমত উপস্থিত হৈয়ে তেওঁ ৰাজ্য চৰকাৰ আৰু ৰাইজৰ লগত আলোচনা কৰি অসম চুক্তিৰ দফাসমূহ শীঘ্ৰে ৰূপায়নৰ কামত আগবাঢ়িব ৷

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা ঐতিহাসিক অসম আন্দোলনৰ পিছত ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক অস্তিত্বক সুৰক্ষিত কৰি ৰখাৰ বাবে সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় সুৰক্ষা কৱচৰ বিষয়ে স্পষ্টভাবে উল্লেখ আছে।

লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী জনে কয় যে এখন শুদ্ধ নাগৰিক পঞ্জীৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সকলোধৰণৰ সহযোগ আগবঢ়াইছে ৷ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিব বুলি উল্লেখ কৰাৰ লগতে অসম চুক্তি পালন কৰিব লাগিব বুলি উল্লেখ কৰে গৃহমন্ত্ৰী অমৃত শ্বাহে ৷ অগপৰ দলটোৱে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰে ৷

ইফালে নতুন দিল্লীৰ সংসদ ভৱনত অগপৰ উচ্চ নেতৃবৰ্গৰ লগত হোৱা বৈঠকখনত অগপৰ নেতৃবৰ্গই ৰাজ্যৰ জলন্ত সমস্যাসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰী মোডীক অৱগত কৰাৰ লগতে বান,গৰাখহনীয়া আদি সমস্যাৰ বিষয়েও উল্লেখ কৰে ৷ আঞ্চলিক দলটোৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,মন্ত্ৰী ফণী ভূষণ চৌধুৰী,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,ৰমেন্দ্ৰ নৰায়ন কলিতা আদি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে।