ৰাজ্যিক বাতৰি

ভাৰ্চুৱেল মোডত আৰ টি আইৰ গোচৰ নিষ্পত্তি

Sentinel Digital Desk

গুৱাহাটীঃ পৰিৱৰ্তিত সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল মোডত গোচৰ নিষ্পত্তিৰ কথা বিবেচনা কৰিবলৈ অসমৰ মুখ্য তথ্য আয়ুক্তক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ দ্বাৰা তথ্যৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত আবেদনকাৰীসকলে সন্মুখীন হোৱা হাৰাশাস্তি কম হ'ব বুলি বৃহস্পতিবাৰে পাঞ্জাবাৰীত অসম তথ্য আয়োগৰ নতুন কার্যালয় ভৱন উদ্বোধন কৰি শর্মাই কয়৷ৰাজহুৱা স্বাৰ্থৰ বিষয়ত নাগৰিকে আৰ টি আই আইনখনৰ সঠিক ব্যৱহাৰ কৰিব লাগে, কিন্তু ব্যক্তিগত শত্ৰুতাৰ পিছত লগাবলৈ ইয়াৰ অপব্যৱহাৰ কৰিব নালাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। দুৰ্নীতি ৰোধ কৰা আৰু চৰকাৰী কামত স্বচ্ছতা নিশ্চিত কৰাৰ যমজ লক্ষ্যৰে আৰ টি আই আইনখন ফ্ৰেমৱৰ্ক কৰা হৈছিল বুলিও তেওঁ লগতে কয় যে আৰ টি আইৰ প্ৰশ্ন বেছিভাগেই তেতিয়াই হয় যেতিয়া বিষয়াসকলে নাগৰিকে বিচৰা তথ্য প্ৰদান নকৰে বা প্ৰদান কৰাত পলম কৰে।