ৰাজ্যিক বাতৰি

 প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ব্যৰ্থতাৰ বাবে পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Sentinel Digital Desk

প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ব্যৰ্থতাৰ বাবে পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মঙ্গলবাৰে বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত অনুষ্ঠিত এক সংবাদমেলক অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবী কৰে। বৈঠকত অংশগ্ৰহণ কৰি দেৱব্ৰত শইকীয়াই কয় যে গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে । আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি দিছিল যে অসম চুক্তি ৰূপায়ন কৰা হ'ব । তদুপৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰি অসমৰ ৰাইজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে । এই সমূহ কাৰণ উত্থাপন কৰিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰিব লাগে বুলি দাবী কৰে দেৱব্ৰত শইকীয়াই ।

কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিছে দেৱব্ৰত শইকীয়াই । অখিল গগৈ সন্ত্ৰাসবাদী নহয় । তেওঁৰ আন্দোলনৰ পদ্ধতিক কংগ্ৰেছে সমৰ্থন নকৰে কিন্তু তেওঁ এই আন্দোলন অসম আৰু অসমীয়া জাতিৰ হকে কৰিছে তাত কোনো সন্দেহ নাই।

লগতে দলপতি দেৱব্ৰত শইকীয়াই কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰ শাসনাধিষ্ট বি জে পি‌ দলে কংগ্ৰেছক অসন্মানিত কৰাৰ অৰ্থে এই আন্দোলন কমাবলৈ বি জে পি‌ য়ে লক্ষ্য ৰাখিছে । লগতে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত হিংসাত্মক কাৰ্য কংগ্ৰেছে সমৰ্থন নকৰে । লগতে তেওঁলোকে কেতিয়াও নাগৰিকত্ব সংশোধনী আইন মানি নলয় বুলি কয় দেৱব্ৰত শইকীয়াই ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Anti-CAA protests: 'Gana Garjan Programme' launched in Tinsukia