ৰাজ্যিক বাতৰি

আই আই টি-গুৱাহাটীত জি-২০ সন্মিলন

আই আই টি গুৱাহাটী (আই আই টি-জি)ৰ উদ্যোগত ‘জি-২০ এছ এফ ডব্লিউ জি ইনচেপচন মিট আমিং ইনোভেটিভ ইনভেষ্টমেণ্টছ ফৰ ক্লাইমেট একচন’ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়।

Sentinel Digital Desk

ষ্টাফ ৰিপ'ৰ্টাৰ গুৱাহাটীঃ শেহতীয়াকৈ ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগ (ডি ই এ)ৰ সহযোগত আই আই টি গুৱাহাটী (আই আই টি-জি)ৰ উদ্যোগত 'জি-২০ এছ এফ ডব্লিউ জি ইনচেপচন মিট' শীৰ্ষক এখন সন্মিলন আয়োজন কৰা হৈছে অসম ৰাজ্য চৰকাৰৰ সৈতে। এই অনুষ্ঠানত ষ্টাৰ্টআপ, অধ্যাপক, আই আই টি-জিৰ ছাত্ৰ-ছাত্ৰী, এক্সিলেটৰ, আৰু ডি ই এ আৰু অসম ৰাজ্য চৰকাৰৰ বিষয়াসকল অংশগ্ৰহণ কৰে। জলবায়ু প্ৰযুক্তিৰ সৈতে জড়িত ষ্টাৰ্টআপসমূহে অভিজ্ঞতা ভাগ-বতৰা কৰি অনুষ্ঠানটোৰ আৰম্ভণিতে জলবায়ু বিত্তৰ ওপৰত আই আই টি-জিৰ ছাত্ৰ-ছাত্ৰীসকলে হেকাথন আৰু বাগিচা অভিযান অনুষ্ঠিত কৰে।

কৰ্মশালাৰ আৰম্ভণিতে আই আই টি গুৱাহাটীৰ সঞ্চালক পি কে আইয়েৰৰ পৰিচয়মূলক ভাষণেৰে উপদেষ্টা (চি চি এফ ইউ) চান্দনী ৰাইনা আৰু অসম চৰকাৰৰ প্ৰধান সম্পাদক বি কল্যাণ চক্ৰৱৰ্তীয়ে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰায় ১২ টা ষ্টাৰ্টআপ আৰু আই আই টি-জিৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰী, এক্সিলেটৰ আদিকে ধৰি প্ৰায় ১২০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে প্ৰদৰ্শনী অনুষ্ঠিত হয় য'ত ষ্টাৰ্টআপসমূহে উদ্ভাৱনৰ মনোভাৱ প্ৰদৰ্শন কৰি আমন্ত্ৰিতসকলৰ আগত নিজৰ মডেল প্ৰদৰ্শন কৰে। জলবায়ু বিত্তীয় সাহায্যৰ পৰিসৰ আৰু যুক্তিসংগত খৰচত সংগঠিত কৰাৰ বাবে আটাইতকৈ উপযুক্ত হ'ব পৰা এটা আহিলা উদ্ভাৱনৰ বাবে আলোচনা কৰা হৈছিল। ডি ই এৰ যুটীয়া সঞ্চালক ধৰ্মেন্দ্ৰ কুমাৰ আৰু আই আই টি গুৱাহাটীৰ ডিন আৰ এণ্ড ডি বিমল কাটিয়াৰৰ সামৰণি ভাষণেৰে বৃক্ষৰোপণ অভিযানৰ সামৰণি পৰে।