ৰাজ্যিক বাতৰি

কোৱাৰেণ্টিন বিধি উলংঘা কৰি বন্ধুৰে পাৰ্টীত মছগুল হ'ল চি আৰ পি জোৱান

Sentinel Digital Desk

অসমত শেহতীয়াভাবে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পোৱাৰ সময়তে এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চি আৰ পি)জোৱানে কোৱাৰেণ্টিন কেন্দ্ৰৰ ওলাই গৈ বন্ধুৰে পাৰ্টী (ভোজ-ভাত)ত মছগুল হোৱাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি চি আৰ পি জোৱানজনে এই উদ্বেগজনক ঘটনা সংঘটিত কৰে বিশ্বনাথ জিলাত।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সাংবাদিকক জনোৱা মতে, বিশ্বনাথ জিলাৰ চতিয়াৰ পাতৰবস্তিৰ মনোজ কুমাৰ মহন্ত নামৰ চি আৰ পি জোৱানজন কাশ্মীৰত কৰ্মৰত হৈ আছিল। ঘৰলৈ অহা মহন্তক ২৯ জুনত বিশ্বনাথ কলেজৰ কোৱাৰেণ্টিন শিবিৰত ১৪ দিনৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হৈছিল৷

কাশ্মীৰৰ পৰা বিমানত অহা মনোজে গুৱাহাটীত উপস্থিত হৈ নিজৰ গাড়ীৰে উপস্থিত হয় উক্ত কোৱাৰেণ্টিন কেন্দ্ৰত৷ অৱশ্যে জোৱানজনে স্বাস্থ্যজনিত কাৰণত হোটেলত কোৱাইণ্টাইন হ'ব বিচৰাত প্ৰশাসনে অনুমতি দি তেওঁক 'প্ৰদ্যুত হোটেল'ৰ কোৱাৰেণ্টিন কেন্দ্ৰলৈ প্ৰেৰণ কৰে৷ সেইমৰ্মে ১ জুলাইৰ বিয়লি তেওঁক প্ৰশাসনৰ তৰফৰ পৰা গাড়ীৰে হোটেললৈ যাবলৈ অনুমতি দিয়া হয়৷ কিন্তু তেওঁ বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা ওলাই গৈ হোটেললৈ নগৈ চৰকাৰী নিয়ম অমান্য কৰি চতিয়াৰ চামগুৰি অঞ্চলত উপস্থিত হয়৷ তাতে বন্ধুৰ সৈতে পাৰ্টী কৰি নিশা ১১ বজাৰ আগে আগে হোটেলত উপস্থিত হয়৷