ৰাজ্যিক বাতৰি

গুৱাহাটীত ফ্লাইঙি স্কুৱাড আৰু সজাগতা প্ৰচাৰ অভিযানৰ শুভাৰম্ভি

Sentinel Digital Desk

গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে মংগলবাৰে ফ্লাইঙি স্কুৱাড আৰু জনসাধাৰণ সজাগতা প্ৰচাৰ অভিযানৰ শুভাৰম্ভি কৰে । চুপাৰ মাৰ্কেটৰ খেলত পথাৰত এই অভিযানৰ শুভাৰম্ভি কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্যয়ে ।

উল্লেখযোগ্য যে, ফ্লাইঙি স্কুৱাডত ৬ টা ভাগত ভাগ কৰা হৈছে । ৬ স্কুৱাৰ্ড স্থাপন কৰা হব। ৬ টা শাখাত ৬ জনকৈ বহুমুখী কৰ্মচাৰীক নিয়োগ কৰা হৈছে ।

ফ্লাইঙি স্কুৱাডে জৰুৰী পৰিস্থিতিৰ লগত যুজিবলৈ কৰিবলৈ স্থাপন কৰা হৈছে । আবৰ্জনা পৰিস্কাৰ, নলাৰ পানী যাব পৰাকৈ মুকলি কৰাৰ লগতে গুৱাহাটীত সৃষ্টি হোৱা জৰুৰী পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ গঠন কৰা হৈছে ।

এই অনুষ্ঠানতে গুৱাহাটী নিষ্কাষন প্ৰকল্প (Guwahati sewerage Project) ৰ প্ৰস্তাৱনা দিয়া হয়। ভাৰত চৰকাৰে জাপান আন্তঃৰাষ্ট্ৰীয় কপৰেচন এজেঞ্চী( Japan International coopertion Agency) নামত গুৱাহাটী নিষ্কাষন প্ৰকল্পৰ বাবে ১,১৭৮.৭৫ কোটি অনুমোদন জনোৱা হৈছে । এই প্ৰকল্পৰ অধীনত গুৱাহাটীত পৰিষ্কাৰ কৰা হব।

স্বচ্ছ সৰ্বেক্ষন অভিযান সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছিল । নগৰমূখী চহৰ সমূহ , উন্নয়নমুখী চহৰ সমূহত এই অভিযান আৰম্ভ কৰিছিল । ২০১৬ চনৰ পৰা স্বচ্ছ সৰ্বেক্ষন অভিযান আৰম্ভ কৰে । ২০১৬ চনত ৭৩ খন চহৰত আৰম্ভ কৰা হৈছিল অভিযান । ২০১৮ চনলৈকে ৪৩৪ চহৰত আৰম্ভ কৰা হয় ।

এই অভিযানৰ উদ্দেশ্য হৈছে গুৱাহাটী চহৰ খন পৰিস্কাৰ কৰি ৰখা।৬ টা শাখাত ৬ জনকৈ বহুমুখী কৰ্মচাৰীক নিয়োগ কৰা হৈছে ।