ৰাজ্যিক বাতৰি

উত্তৰ গুৱাহাটীৰ লেংগা গাঁওত খাদ্যৰ বিষক্ৰিয়াত ১৫০ জন অসুস্থ

Sentinel Digital Desk

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ লেংগা গাঁওত খাদ্যৰ বিষক্ৰিয়াৰ ফলত ১৫০ জনকৈ অসুস্থ হৈ পৰে । ১৫০ জন লোকক তোলা ৰাম বাফনা অসামৰিক চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে । শনিবাৰে উত্তৰ গুৱাহাটীৰ লেংগা গাঁওত শনিবাৰে এই ঘটনা সংঘটিত হৈছে ।

ঘটনাৰ সন্দৰ্ভত গাওঁবুঢ়ায়ে কয় যে, গাঁওত অনুষ্ঠিত এক ধৰ্মীয় অনুস্থানত লোক সকলে মাহ প্ৰসাদ খোৱাৰ পিছতে পেটৰ বিষ আৰু বমি আৰম্ভ হয়। শনিবাৰে দিনত এই ধৰ্মীয় অনুস্থান অনুষ্ঠিত হৈছিল । অনুস্থানত মাহ প্ৰসাদ গ্ৰহণ কৰা লোক সকলৰ শনিবাৰে নিশাৰ পৰা বমি আৰু পেটৰ বিষ আৰম্ভ হয়। প্ৰায় ১৫০ জন লোক অসুস্থ হৈ পৰে । পিছত আমিনগাঁওৰ তোলা ৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি প্ৰকাশ কৰে । বৰ্তমান লোকসকল সংকট মুক্ত বুলি প্ৰকাশ কৰিছে ।

উল্লেখ যোগ্য যে অসমৰ বিভিন্ন প্ৰান্তত এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় । নামঘৰ অথবা ধৰ্মীয় অনুস্থানত মাহ প্ৰসাদ খোৱাৰ ফলত অসুস্থ হৈ বহু সময় বহু জন ব্যক্তি মৃত্যু মুখতো পৰিছিল ।