ৰাজ্যিক বাতৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে ১২ গোচৰৰ শুনানিৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীশকৰনৰ সিদ্ধান্ত বাতিল

Sentinel Digital Desk

গুৱাহাটী উচ্চ ন্যায়ালয়ে ১২ গোচৰৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীশকৰনৰ সিদ্ধান্ত বাতিল কৰিছে । নলবাৰীৰ ২ নং বিদেশী ন্যায়াধীশকৰনৰ তেতিয়াৰ ন্যায়াধীশ সুৰজিৎ চক্ৰবৰ্ত্তীয়ে এই ১২ টা গোচৰৰ ৰায় দান দিছিল । তাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগ আৰু ৰাজনীতি বিভাগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়লৈ বিসংগতি মুলক সিদ্ধান্তৰ বিষয়ে লিখা প্ৰেৰণ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ে গৃহ বিভাগ আৰু ৰাজনৈতিক বিভাগলৈ ১২ গোচৰৰ সকলো তথ্য আৰু ৰেকৰ্ড জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে । বিভাগে জনোৱা মতে , গোচৰ সম্বন্ধীয় সকলো ৰেকৰ্ড বিভাগে ইতিমধ্যে জব্দ কৰি উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মঞ্জিত ভূঞা আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ বিচাৰপীঠে প্ৰকাশ কৰে যে এই ১২ গোচৰৰ সিদ্ধান্তত কোনো ছিল নথকাৰ লগতে ন্যায়াধীশৰ চহী নাই ।

১২ টা গোচৰৰ ১০ টা গোচৰত ন্যায়াধীশে সুকুৰ আলী, ৰূপচান্দ আলী, চাজিদা খাতুন, মহেলা বেগম আৰু আন সকলক ভাৰতীয় হিচাপে ঘোষণা কৰিছিল । আন দুটা গোচৰত ন্যায়াধীশে কুচিমোহন দাস আৰু হাৰেৰাম দাসক বিদেশী বুলি ঘোষণা কৰে।

অসমৰ বিদেশী ন্যায়াধীশকৰন পৰা স্থানান্তৰিত হোৱা এয়ায়ে প্ৰথম ১২ টা গোচৰ নহয় । বিদেশী ন্যায়াধীশকৰনৰ বহুকেইটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিনত আছে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি