ৰাজ্যিক বাতৰি

কাৰ্বি আংলং জিলাত আৰম্ভ গুণোৎসৱ

Sentinel Digital Desk

হাওৰাঘাটঃ বুধবাৰৰ পৰা সমগ্ৰ কাৰ্বি আংলং জিলাত আৰম্ভ হৈছে গুণোৎসৱ ২০২৩ৰ প্ৰাথমিক পৰ্যায়। এই পৰ্যায়ত জিলাখনৰ ১,৩৪২খন বিদ্যালয় সামৰি লোৱা হ'ব। আত্মমূল্যায়নৰ পিছত তিনিদিনীয়া বাহ্যিক মূল্যায়ন বাহ্যিক মূল্যায়কে কৰিব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভাৰপ্ৰাপ্ত শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিয়ে কয় যে কাৰ্বি আংলঙৰ সাতটা উন্নয়ন খণ্ডৰ ভিতৰত অৱস্থিত সকলো চৰকাৰী আৰু প্ৰাদেশিক নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু হাইস্কুল সামৰি লোৱা হ'ব।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰোৱে বৃহস্পতিবাৰে গুণোৎসৱ ২০২৩ৰ বহিঃমূল্যায়ক হিচাপে ডিফু চহৰত অৱস্থিত আদৰ্শ হিন্দী বিদ্যালয় পৰিদৰ্শন কৰে।