ৰাজ্যিক বাতৰি

জাপানীজ এনকেফেলিটিচৰ ভয়াবহ ৰূপ : মৃতকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি

Sentinel Digital Desk

জাপানীজ এনকেফেলিটিচে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে । বৰ্তমানলৈকে জাপানীজ এনকেফেলিটিচৰ ফলত ২১ জন লোকৰ মৃত্যু হৈছে । আজি কেন্দ্ৰীয় দলে এই ৰোগৰ ভয়াবহতা পৰিস্থিতি পৰ্যবেক্ষন কৰিব। বৰ্তমানেও ৰাজ্যত ৬৯ জন লোক জাপানীজ এনকেফেলিটিচ ৰোগত আক্ৰান্ত হৈ আছে । আজি ৰাজ্যত স্বাস্থ্য বিষয়া সকলৰ লগত কেন্দ্ৰীয় বিষয় সকলে আলোচনাত মিলিত হব ।

এন ভি বি ডি চি পিৰ মতে , ২০১৬-১৭ চনৰ পৰা জাপানীজ এনকেফেলিটিচ ৰোগৰ প্ৰাপ্তবয়স্ক টিকাকৰণ বন্ধ কৰা হয় । উল্লেখযোগ্য যে , বিশেষকৈ ১০ খন জিলা - তিনিচুকীয়া , ডিব্ৰুগড়, শিবসাগৰ , যোৰহাট , গোলাঘাট , ধেমাজি, লক্ষিমপুৰ , শোণিতপুৰ , ওদালগুৰি আৰু বৰপেটাত জাপানীজ এনকেফেলিটিচ ৰোগ অধিক হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰলৈ ৰিপোৰ্ট পঠিওৱা হৈছে । এন ভি বি দি চি পিয়ে পুনৰ টিকাকৰণ আৰম্ভ কৰাৰ কৰা প্ৰকাশ কৰিছে |

নেচনেল ভেক্টৰ বোৰ্নি ডিজিজ কন্ট্ৰল প্ৰগ্ৰেমৰ মতে ভেক্টৰ বহিৰ্ভূত ৰোগৰ প্ৰবনতা সমূহ কামৰূপ , ডিব্ৰুগড় , শোণিতপুৰ আৰু শিবসাগৰত অধিক। যোৱা কেইবছৰত জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইনদ্ৰম ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এই জিলা কেইখনত অধিক আছিল ।

২০১৭ চনৰ নেচনেল হেল্থ প্ৰফাইলৰ মতে , অসমত ২০১২ ৰ পৰা ২০১৭ চনলৈকে ভেক্টৰ বোৰ্নি ডিজিজৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক আছিল । ২০১৪ চনত এই ৰোগত আক্ৰান্ত হৈ ১৬৫ জনকৈ লোকৰ মৃত্যু হৈছিল , ২০১৫ চনত ১৬০ জনৰ মৃত্যু হৈছিল, ২০১৭ চনত ১১৯ আৰু ২০১৮ চনত ৬৬ জন লোকৰ মৃত্যু হৈছিল । বিগত বৰ্ষত বিভাগে প্ৰতিৰোধ মূলক ব্যবস্থা গ্ৰহণ কৰাৰ বাবে মৃত্যুৰ হাৰ হ্ৰাস হৈছিল। লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল । প্ৰত্যেক খন জিলাৰ পৰা প্ৰত্যেক দিনাই ৰিপোৰ্ট সমূহ গ্ৰহণ কৰা হৈছিল ।লগতে ৰাজ্যৰ প্ৰত্যেক খন চিকিৎসালয়তে ঔষধ সমূহ মজুত ৰখা হৈছিল ।

জাপানীজ এনকেফেলিটিচ মহৰ দ্বাৰা হয়। গ্ৰাম্য অঞ্চল আৰু চহৰমূখী অঞ্চলত সমূহত এই ৰোগ বিধ অধিক হোৱা পৰিলক্ষিত হয় । জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইনদ্ৰমৰ (AES) ৰোগৰ লক্ষ্যন সমূহ হৈছে মূৰ বিষ, জ্বৰ, গাঠি আৰু মাংসপেশীৰ বিষ, দুৰ্বল অনুভৱ আৰু টোপনি ভাব আহি থকা আদি সমূহ।

বৰ্তমানে অসমত ভয়াবহ ৰূপ ধাৰণ কৰা নাই জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইন্দ্ৰ’ম যদিও সতৰ্কতা জাৰি কৰিছে । জাপানীজ এনকেফেলিটিচৰ বাবে ৰাজ্যৰ জিলা সমূহত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।