ৰাজ্যিক বাতৰি

পুনৰ মুকলি হ'ব কাজিৰঙা! পৰ্যটকে মানি চলিব লাগিব ক'ৰ'না প্ৰতিৰোধ বিধি

Sentinel Digital Desk

পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলিৰ যোজা চলাইছে কৰ্তৃপক্ষই ৷ ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে বিভিন্ন আৰ্থিক কাম-কাজৰ সমান্তৰালভাবে কৰ্তৃপক্ষই আগন্তুক পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ যো-জা চলাইছে। অৱশ্যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকসকলে এই মহামাৰী প্ৰতিৰোধৰ সকলো বিধি মানি চলিব লাগিব ৷

এই সম্পৰ্কত উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে দ্যা ছেণ্টিনেল ডিজিটেলক কয়, " পৰ্যটকৰ বাবে আকৌ এবাৰ উদ্যান মুকলিৰ সময়ত আমি কেন্দ্ৰীয় চৰকাৰে ক'ৰ'না প্ৰতিৰোধৰ বাবে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি আমি পৰ্যটকৰ বাবে নীতি-নিয়ম বলবৎ কৰিম "৷

আনহাতে, হাতী চাফাৰী আৰু বাহন চলাচলৰ ক্ষেত্ৰতো নীতি-নিয়ম আৰোপ কৰা হ'ব বুলি সঞ্চালক শিৱকুমাৰে সদৰী কৰে ৷ তেওঁ কয় যে সাধাৰণ অৱস্থাৰ পৰিৱৰ্তে ৫০শতাংশ আসনতহে যাত্ৰাৰ সুবিধা প্ৰদান কৰা হ'ব ৷ তদুপৰি ১০বছৰতকৈ কম বয়সৰ শিশু আৰু ৬৫বছৰ উৰ্ধৰ ব্যক্তিক এইবাৰ কাজিৰঙা ভ্ৰমণৰ সুবিধা দিয়া নহ'ব বুলিও সঞ্চালক শিৱকুমাৰে জানিবলৈ দিয়ে ৷ অৱশ্যে পৰ্যটকৰ বাবে কাজিৰঙা পুনৰ মুকলিৰ সিদ্ধান্ত অহা ২৫ছেপ্টেম্বৰত হ'ব পালে বুলিও তেওঁ কয় ৷