ৰাজ্যিক বাতৰি

কেন্দ্ৰীয় বিদ্যালয়ৰ পাঠ্যক্ৰম থাকিব অসমীয়া ভাষা: অসম সাহিত্য সভাৰ দাবী মানি ললে কেন্দ্ৰীয় বিদ্যালয়ে

Sentinel Digital Desk

অসম সাহিত্য সভাৰ দাবী মানি ললে কেন্দ্ৰীয় বিদ্যালয়ে । কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষাদানৰ ক্ষেত্ৰত পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ কৰা দাবী মানি লয় কেন্দ্ৰীয় বিদ্যালয়ে।

অসম সাহিত্য সভায়ে অসমীয়া ভাষা কেন্দ্ৰীয় বিদ্যালয়ত নিৰ্ধাৰিত সময়ত পাঠদান কৰিবলৈ দাবী জনাই ৩ সপ্তাহৰ সময় সীমা দিছিল ।

বৃহস্পতি বাৰে অসম সাহিত্য সভায়ে এক সংবাদমেল সম্বোধন কৰিছিল। এই সংবাদমেলতে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটীৰ জিলা অধীক্ষক চন্দ্ৰাদওপ নীলাপে প্ৰকাশ কৰে যে সমগ্ৰ ৰাজ্যতে কেন্দ্ৰীয় বিদ্যালয়ত পূৰ্বৰ নীতি অনুসৰিয়ে অসমীয়া ভাষাৰ শিক্ষাদান কৰা হয় । ইতিমধ্যে কেন্দ্ৰীয় বিদ্যালয়ৰ অধক্ষ্যলৈ এই বিষয়ৰ ওপৰত পত্ৰ প্ৰেৰণ কৰা হৈছে ।

কেন্দ্ৰীয় বিদ্যালয়ত প্ৰত্যেক দিনাই প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা বাধ্যতামূলক কৰাৰ পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাৰ শিক্ষাদান বন্ধ কৰ হয় । বিদ্যালয়ৰ নিৰ্ধাৰিত সময়ৰ আগত অথবা পিছত অসমীয়া ভাষাৰ শিক্ষা দান কৰিব বুলি প্ৰকাশ কৰিছিল । কেন্দ্ৰীয় বিদ্যালয়ৰ এই নীতিত অসম সাহিত্য সভায়ে কঠোৰ ভাবে বিৰোধিতা কৰিছিল ।

কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষা নিৰ্ধাৰিত সময়ত পাঠদান কৰা হব বুলি প্ৰকাশ কৰাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় বিদ্যালয়ৰ এই সিদ্ধান্ত আদৰণি জনাইছে ।

আনহাতে বৃহস্পতি বাৰে অসম সাহিত্য সভায়ে চি বি এচ ইৰ অধক্ষ্যলৈ অসমীয়া ভাষাৰ লগতে আন আঞ্চলিক ভাষা বিদ্যালয় সমূহত দশম আৰু দ্বাদশ শ্ৰেণীলৈকে সন্নিবিষ্ট কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে ৰাজ্যৰ চৰকাৰী বিষয়া সকলৰ মাতৃভাষাৰ ঞ্জান থাকিব লাগিব । লগতে কেন্দ্ৰীয় বিদ্যালয়ে অসম সাহিত্য সভাৰ দাবী মানি লোৱাত ধন্যবাদ জ্ঞাপন কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি