ৰাজ্যিক বাতৰি

ৰাজ্যত আন এক ধৰ্ষণৰ ঘটনা: আটক দুটা অপৰাধী

যোৱা ১৯ জানুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত দুটা অপৰাধী গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এটা পলাতক অৱস্থাত আছে

Sentinel Digital Desk

গুৱাহাটীঃ মহানগৰীত তিনি অভিযুক্তই এগৰাকী নাবালিকাক ধৰ্ষণ কৰি চিত্ৰগ্ৰহণ কৰাৰ জঘন্য ঘটনা সংঘটিত হৈছে । যোৱা ১৯ জানুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এজন পলাতক অৱস্থাত আছে। এই ঘটনা সংঘটিত হৈছিল গুৱাহাটীৰ বৰ্ষাপৰা অঞ্চলত। বিষয়াসকলৰ মতে, অপৰাধীয়ে নাবালিকা ছোৱালীজনীক যৌন নিৰ্যাতন চলাই সমগ্ৰ দৃশ্যটোৰ চিত্ৰগ্ৰহণ কৰে। ধৃত অভিযুক্ত দুজনৰ নাম বিকি আলী আৰু বাবৰ আলী। বিকি সাহা বুলি প্ৰধান অভিযুক্তজন পলাতক অৱস্থাত আছে।